অসম

assam

ETV Bharat / bharat

ডানাৰ প্ৰভাৱ; দুদিনলৈ ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰো

Cyclone Dana: ঘূৰ্ণীবতাহ ডানাই ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত নিশালৈ খুন্দা মৰাৰ সম্ভাৱনা আছে । প্ৰায় ১০ লাখ লোকক স্থানান্তৰ কৰা হৈছে ।

Cyclone Dana
ডানাৰ প্ৰভাৱ;দুদিনলৈ ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰো (PTI)

By ETV Bharat Assamese Team

Published : 5 hours ago

ভুৱনেশ্বৰ : সাগৰীয় ঘূৰ্ণীবতাহ 'ডানা' প্ৰভাৱ ইতিমধ্যে উপকূলীয় ৰাজ্য ওড়িশা আৰু পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে । বুধবাৰে সন্ধিয়াৰ পৰা ঘূৰ্ণীবতাহ 'ডানা'ৰ ফলত ওড়িশাৰ ১১ খন জিলাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে ।

ওড়িশাত ডানাৰ প্ৰভাৱ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত আগজাননী দি কয় যে ২৪ অক্টোবৰৰ মাজনিশাৰ পৰা ২৫ অক্টোবৰলৈ পুৰী আৰু সাগৰ দ্বীপৰ মাজৰ উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

ডানাৰ প্ৰভাৱ;দুদিনলৈ ভক্তৰ বাবে বন্ধ থাকিব জগন্নাথ মন্দিৰো (IMD)

আইএমডিয়ে কয়, "কেন্দ্ৰীয় আৰু কাষৰীয়া উত্তৰ-পশ্চিম বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা তীব্ৰ ঘূৰ্ণীবতাহ 'ডানা' যোৱা ৬ ঘণ্টাত ১২ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিবেগত উত্তৰ-উত্তৰ-পশ্চিম দিশে আগবাঢ়িছে । ধামৰা (ওড়িশাৰ)ৰ পৰা ২৯০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূব আৰু সাগৰ দ্বীপৰ (পশ্চিমবংগ) পৰা ৩৫০ কিলোমিটাৰ দক্ষিণে গতি কৰিছে ।" বতৰ বিজ্ঞান কেন্দ্ৰ ভুৱনেশ্বৰে বিশেষ বতৰ বুলেটিনত ঘূৰ্ণীবতাহ ডানাৰ সম্ভাৱ্য বতাহৰ গতিবেগ উত্থাপন কৰিছে ।

সংবাদ মাধ্যমৰ সন্মুখত ভুৱনেশ্বৰৰ আঞ্চলিক বতৰ কেন্দ্ৰৰ সঞ্চালক ড৹ মনোৰমা মোহান্তিয়ে বৃহস্পতিবাৰে কয় যে কিছুমান স্থানত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ আৰম্ভ হৈছে । আনহাতে ভদ্ৰক জিলাৰ চান্দবালীত ৪৬.২ মিঃমিঃ, পাৰাদীপত ৬২.৯ মিঃমিঃ, জগতসিংপুৰত ২৭ মিঃমিঃ, কেন্দ্ৰপাৰাৰ ৰাজকণিকাত ২৭ মিঃমিঃ, বালাচোৰৰ নীলাগিৰিত ২৭ মিঃমিঃ আৰু ময়ূৰভঞ্জৰ বেটনোটিত এতিয়ালৈকে ১৯ মিঃমিঃ বৰষুণ হৈছে । সময়ৰ লগে লগে বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰপদ আৰু ভদ্ৰকত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১০০-১১০ কিঃমিঃৰ পৰা ১২০ কিঃমিঃ লৈ হোৱাৰ সম্ভাৱনা আছে । তেওঁ উল্লেখ কৰা মতে ময়ূৰভঞ্জ, জগতসিংপুৰ, জাজপুৰ আৰু কটকত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ৮০-৯০ কিঃমিঃ হ'ব । আনহাতে পুৰী, খুৰ্দা, ঢেঙ্কানাল আৰু কেওনঝাৰ জিলাত ৬৭-৭০ কিঃমিঃ/ঘণ্টা হ'ব । ময়ূৰভঞ্জ, বালাচোৰ, কেন্দ্ৰপদ আৰু ভদ্ৰক ২৪ আৰু ২৫ অক্টোবৰৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

মন্দিৰ আৰু পৰ্যটনস্থলী বন্ধ ৰখা হৈছে

সম্ভাব্য ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি কোণাৰ্কৰ সূৰ্য মন্দিৰ, পুৰীৰ জগন্নাথ মন্দিৰ, ময়ূৰভঞ্জৰ চিমিলিপাল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, নন্দনকানন চিৰিয়াখানা আৰু ভিটাৰকণিকা অভয়াৰণ্য দুদিনৰ বাবে বন্ধ থাকিব । ইষ্ট কোষ্ট ৰে'লৱেই ২৩ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত নিৰ্ধাৰিত ৯৪ খন উজনিমুৱা ৰে'ল আৰু ১০৩ খন নামনিমুৱা ৰে'লকে ধৰি ১৯৭ খন ৰে'ল বাতিল কৰিছে ।

ইফালে, ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাৰ পৰা শুকুৰবাৰে পুৱা ৯ বজালৈ বিমান চলাচল স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে । এনে পৰিস্থিতিত ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈছে ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰী আৰু স্বাস্থ্যমন্ত্ৰী মুকেশ মহালিঙো এই বৈঠকত উপস্থিত থাকে । এই বৈঠকত মুখ্যমন্ত্ৰীয়ে সকলো সতৰ্কতামূলক প্ৰচেষ্টা লোৱাৰ নিৰ্দেশ দিছে । একেদৰে ওড়িশা আৰু পশ্চিমবংগৰ স্পৰ্শকাতৰ অঞ্চলবোৰলৈ এনডিআৰএফৰ দল প্ৰেৰণ কৰা হৈছে ।

ইফালে ঘূৰ্ণীবতাহ 'ডানা'ৰ প্ৰভাৱৰ কথা বিবেচনা কৰা ঝাৰখণ্ডত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । পশ্চিম সিংভূম, চেৰাইকেলা-খাৰছৱান আৰু পূব সিংভূম জিলাত শুকুৰবাৰৰ বাবে অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । এগৰাকী বিষয়াৰ মতে এনডিআৰএফৰ ৬ টা দল নিৰ্দিষ্ট স্থানত সাজু কৰি ৰখা হৈছে ।

লগতে পঢ়ক :অসমতো পৰিছে 'ডানা'ৰ প্ৰভাৱ: ব্যাহত ৰে’লসেৱা

গঠন হ'ল 'ডানা'; ১০ লাখ লোকক স্থানান্তৰ ওড়িশা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details