নিউজ ডেস্ক, ১৯ মাৰ্চ :মঙলবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক । এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰৰ বিষয়ে আলোচনা কৰিব । লগতে আন কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰি দলৰ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত গুৰুত্ব দিয়া 'সামাজিক ন্যায়'ৰ সন্দৰ্ভত চূড়ান্ত ৰূপ দিয়াৰ সম্ভাৱনা আছে ।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰৰ অন্যতম আকৰ্ষণ হ'ব দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ সামাজিক ন্যায়ৰ কাৰ্যসূচীৰ প্ৰতিফলন, যিটো তেওঁৰ সদ্যসমাপ্ত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে স্থাপন কৰি আহিছে ।
দলৰ ভিতৰুৱা সূত্ৰ মতে, ইস্তাহাৰখনে চৰকাৰী নিযুক্তিত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সমস্যা সমাপ্তিৰ বাবে এখন আইনৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে । লগতে ইণ্ডিয়া ব্লক ক্ষমতালৈ আহিলে সকলো অমীমাংসিত চৰকাৰী খালী পদ পৰ্যায়ক্ৰমে পূৰণ কৰাৰ আশ্বাস দিয়াৰ সম্ভাৱনা আছে ।
ইস্তাহাৰখনে কৃষকসকলৰ সমস্যা সমাধান কৰিবলৈ আৰু তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ আইনী এমএছপিৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে । লগতে কিছুমান গুৰুত্বপূৰ্ণ কৃষি সঁজুলি আৰু সামগ্ৰীৰ ওপৰত জিএছপি খাদ্য উৎপাদকসকলক সকাহ দিয়াৰ বাবে হ্ৰাস কৰিব পাৰে ।
গ্ৰাম্য চাকৰিৰ ওপৰত গুৰুত্ব দিয়াৰ অংশ হিচাপে দলটোৱে এমজিএনৰেগাৰ বাবে অধিক পুঁজিৰ প্ৰতিশ্ৰুতি দিয়াৰ সম্ভাৱনা আছে । দলটোৱে কেন্দ্ৰীয় চৰকাৰক পূৰ্বৰ ইউপিএ শাসনৰ দ্বাৰা আৰম্ভ কৰা গ্ৰাম্য চাকৰি আঁচনিক অৱহেলা কৰাৰ অভিযোগ কৰি আহিছে । লগতে যিহেতু ৰাহুল গান্ধীয়ে কৈ আহিছে যে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়বোৰে বৃহৎ পৰিমাণৰ চাকৰি সৃষ্টি কৰাত সহায় কৰে, কিন্তু কেন্দ্ৰই ইয়াক উপেক্ষা কৰিছে, সেয়ে এই খণ্ডটোৰ বাবে সস্তীয়া ঋণৰ ব্যৱস্থা কৰা হ'ব পাৰে ।