নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী :উত্তৰাখণ্ডৰ বনভুলপুৰা হিংসাই ৯ দিনত ভৰি দিলে । অৱশ্যে পৰিস্থিতি বৰ্তমান ধীৰে ধীৰে স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত জিলা প্ৰশাসনে কাৰ্ফিউ-পীড়িত অঞ্চল বনভুলপুৰাৰ পৰা দিনৰভাগৰ কাৰ্ফিউ উঠাই লৈছে । আনহাতে, নিশাৰ কাৰ্ফিউ অব্যাহত থাকিব । এই ক্ষেত্ৰত জিলা দণ্ডাধীশ বন্দনা সিঙে নিৰ্দেশ জাৰি কৰি কয় যে পৰিস্থিতিৰ উন্নতি ঘটাৰ পিছত বনভুলপুৰা অঞ্চলৰো পৰিস্থিতি যথেষ্ট উন্নত হৈছে । ইয়াৰে পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা দিনৰভাগৰ কাৰ্ফিউ শিথিল কৰা হৈছে ।
জিলা দণ্ডাধীশ বন্দনা সিঙে দিয়া নিৰ্দেশ অনুসৰি, শনিবাৰৰ পৰা কাৰ্ফিউত যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে । বনভুলপুৰা অঞ্চলৰ গৌজালী শনি বজাৰৰ উত্তৰ অঞ্চল, ৰে'লবজাৰ ৰোডৰ পশ্চিমে থকা সমগ্ৰ অঞ্চল, গোলছা কম্পাউণ্ডত অৱস্থিত এফচিআই এলেকাক পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৮ বজালৈকে কাৰ্ফিউৰ পৰা ৰেহাই দিয়া হ'ব । বনভুলপুৰা আৰক্ষী থানা অধীনৰ অন্যান্য এলেকাত তিনি ঘণ্টাৰ বাবে কাৰ্ফিউ শিথিল কৰা হৈছে । অঞ্চলটোত পুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে কাৰ্ফিউ শিথিল কৰা হ'ব । এই সময়চোৱাত অঞ্চলটোৰ লোকসকলে যিকোনো ঠাইলৈ যাব পাৰিব ৷