তেজপুৰ, ২৭ মে':পূব অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী জিলা নামনি দিবাং ভেলীত ভাৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা দিবাং বহুমুখী (Multipurpose) জলবিদ্যুৎ প্ৰকল্প দেশৰ সৰ্ববৃহৎ প্ৰকল্প হিচাবে বিবেচিত হৈছে । চলিত বৰ্ষৰ ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ইয়াৰ শিলান্যাস কৰে ।
প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰৰ সৌন্দৰ্যৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাত অৱস্থিত দিবাং বান্ধ হৈছে পৰিকল্পিত এক বৃহৎ পকী বান্ধ । যদি এই বান্ধ নিৰ্মাণ কৰা হয় তেন্তে ২৮৮ মিটাৰ (৯৪৫ ফুট) উচ্চতাত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ তথা বিশ্বৰ সৰ্বোচ্চ পকী বান্ধ হ’ব । ইয়াৰ দ্বাৰা দিবাং নদীৰ অৱবাহিকাৰ পৰা ২,৮৮০ মেগাৱাট পৰ্যন্ত জলবিদ্যুৎ শক্তি যোগান ধৰাৰ লগতে উপত্যকাটোৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি আশা কৰা হৈছে ।
১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ এটা অংশ কৰ্তন কৰি দিবাং ভেলী জিলা গঠন কৰা হৈছিল । ২০০১ চনৰ ১৬ ডিচেম্বৰত দিবাং ভেলী জিলাক দুভাগত বিভক্ত কৰি দিবাং ভেলী আৰু নামনি দিবাং ভেলী জিলা হিচাপে ঘোষণা কৰা হয় ৷
দিবাং ভেলী বহুমুখী প্ৰকল্প কি ?
তথ্য মতে ২০০৮ চনৰ ৩১ জানুৱাৰীত প্ৰথমবাৰৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে বান্ধটোৰ আধাৰশিলা স্থাপন কৰে । ২০১৩ চনত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে এই প্ৰকল্পৰ আবেদন নাকচ কৰিছিল যদিও ২০১৪ চনত এন এইচ পি চি লিমিটেডে পুনৰ আবেদন দাখিল কৰিছিল আৰু ২০১৫ চনত ইয়াৰ অনুমোদন লাভ কৰে । পূৰ্বতে বান্ধটোৰ আংশিক নেতিবাচক প্ৰভাৱ পৰিছিল ৷ সেই অঞ্চলত বসবাস ইদু-মিছিমি জনগোষ্ঠীক সেই সময়ত বলপূৰ্বকভাৱে স্থানান্তৰিত কৰা হ’ব বুলি প্ৰচাৰ চলাত এই বান্ধ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল ।
মোদী চৰকাৰে ২০১৯ চনত এই প্ৰকল্পৰ বাবে নতুনকৈ অনুমতি দিছিল । প্ৰকল্পটোৰ মূল উদ্দেশ্য হ’ব বান নিয়ন্ত্ৰণ আৰু বিদ্যুৎ উৎপাদন । ২০২০ চনলৈকে অৰুণাচলৰ নামনি অঞ্চলৰ দুটা বৃহৎ নদীবান্ধ প্ৰকল্প প্ৰস্তুত কৰা হৈছে যদিও, দিবাং আৰু নামনি সোৱণশিৰি কোনো এটাতে কাম অজিও আগবাঢ়িব পৰা নাই । অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ মুনলী গাঁৱৰ সমীপত ২৮৮০ মেগাৱাটৰ দিবাং বহুমুখী প্ৰকল্পতো নিৰ্মাণ হ’ব ।