অসম

assam

ETV Bharat / bharat

না মণিপুৰ এক হে, না মণিপুৰ চেফ হে : মল্লিকাৰ্জুন খাৰ্গে - MANIPUR VIOLENCE

হিংসাৰ দাবানলত দহিছে মণিপুৰ ৷ সকলোৰে এটাই প্ৰশ্ন- কেতিয়া ৰাজ্যখনলৈ ঘূৰি আহিব শান্তি ? ৰাহুল গান্ধীৰ পাচত এইবাৰ মণিপুৰ সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেৰ পোষ্ট ৷

Congress President Mallikarjun Kharge slams BJP govt over Manipur violence
মণিপুৰ সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেৰ পোষ্ট (ANI)

By ANI

Published : Nov 17, 2024, 1:55 PM IST

নতুন দিল্লী :কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দেওবাৰে মণিপুৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, “না মণিপুৰ এক হে, না মণিপুৰ চেফ হে ৷”

ভাৰতীয় জনতা পাৰ্টীক কটাক্ষ কৰি খৰ্গে বিজেপিক "বিভাজনকাৰী ৰাজনীতি" কৰা বুলি অভিযোগ উত্থাপন কৰি কয়, "বিজেপিয়ে ইচ্ছাকৃতভাৱে মণিপুৰ জ্বলি যোৱাটো বিচাৰে ৷ কাৰণ ই নিজৰ ঘৃণনীয় বিভাজনকাৰী ৰাজনীতিৰ সেৱা কৰে ।"

ছ’চিয়েল মিডিয়া X ৰ এটা পোষ্টত খৰ্গে লিখিছে, "@narendramodi ji, আপোনালোকৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনত, ২০২৩ চনৰ মে' মাহৰ পৰাই "না মণিপুৰ এক হে, না মণিপুৰ চেফ হে"; ই কল্পনাতীত যন্ত্ৰণা...

খৰ্গে আৰু কয় যে দুয়োখন চৰকাৰ “সুন্দৰ সীমান্তৰ ৰাজ্যখনত বিফল হৈছে” আৰু মণিপুৰৰ জনসাধাৰণে তেওঁলোকৰ পৰিস্থিতিৰ বাবে তেওঁলোকক “কেতিয়াও ক্ষমা বা পাহৰি নাযায়” ৷

X ৰ এটা পোষ্টটোত আৰু কয়, "৭ নৱেম্বৰৰ পৰা কমেও ১৭ জন লোকে প্ৰাণ হেৰুৱাইছে । সংঘাতপূৰ্ণ অঞ্চলৰ তালিকাত নতুন জিলা সংযোজন কৰা হৈছে আৰু সীমান্তৱৰ্তী NE ৰাজ্যলৈ জুই বিয়পি পৰিছে । আপুনি মণিপুৰত ব্যৰ্থ হৈছে -- এখন সুন্দৰ সীমান্ত ।"

‘‘ভৱিষ্যতে যদি আপুনি মণিপুৰ ভ্ৰমণো কৰি, তেতিয়াও কিন্তু ৰাজ্যখনৰ মানুহে কেতিয়াও এই কথাবোৰ পাহৰি নাযায় বা আপোনাক ক্ষমা নকৰে... ৷’’ তেওঁ কয় ৷ ইফালে দেওবাৰে মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, “ঘৰ লুটপাত আৰু অগ্নিসংযোগৰ সৈতে জড়িত জনগোষ্ঠীৰ অংশ হিচাপে থকা ২৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ।’’

লগতে পঢ়ক :মণিপুৰ আকৌ জ্বলিছে: ইজনৰ পিছত সিজন বিধায়কৰ ঘৰত আক্ৰমণ

ৰাজ্যৰ ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ এই ব্যক্তিকেইজনক । ইয়াৰ উপৰিও আৰক্ষী বিষয়াসকলে তেওঁলোকৰ হাতৰ পৰা এটা .৩২ পিষ্টল, ৭ ৰাউণ্ড SBBL আৰু ৮ টা ম’বাইল ফোন উদ্ধাৰ কৰিছে ।

ৰাজ্যত হিংসা তীব্ৰতৰ হৈ পৰাৰ মাজতে পৰৱৰ্তী নিৰ্দেশ নোহোৱা পৰ্য়ন্ত ইম্ফলত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে । ইয়াৰ পিছতে চৰকাৰে ততাতৈয়াকৈ দুদিনৰ বাবে ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱাও বন্ধ কৰি দিয়ে । এই ঘটনাৰ পিছতে ইম্ফলত সেনা আৰু অসম ৰাইফলসহ এক কটকটীয়া নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় ।

X ৰ এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে লিখিছে, "১৬.১১.২০২৪ তাৰিখে ইম্ফলত ৰাজ্যৰ মন্ত্ৰী-বিধায়ককে ধৰি জনপ্ৰতিনিধিৰ বিভিন্ন ঘৰ-দুৱাৰ আৰু সম্পত্তিক লক্ষ্য কৰি লৈছে ক্ষুব্ধ জনতাই । ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আদিৰ আশ্ৰয় লৈছে । ইম্ফলত সেনা আৰু অসম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনী মোতায়েন কৰি নগৰ অঞ্চলৰ নিৰাপত্তা সুদৃঢ় কৰিবলৈ সক্ষম হৈছে । ফ্লেগ মাৰ্চ কৰা হৈছে । ইয়াৰ ফলত ০৮ (আঠ) লোক আহত হৈছে ৷’’

লগতে পঢ়ক :হিংসাজৰ্জৰ মণিপুৰত প্ৰধানমন্ত্ৰী মোদীক ভ্ৰমণৰ আহ্বান ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details