অসম

assam

ETV Bharat / bharat

সংসদত শাসক-বিৰোধীৰ হতাহতি বিতৰ্ক; উভয় পক্ষৰে এজাহাৰ দাখিল - RAHUL GANDHI PARLIAMENT TUSSLE

ৰাহুল গান্ধীয়ে ঠেলি দিয়াৰ বাবে বিজেপি সাংসদ পৰি আহত হোৱাৰ অভিযোগেৰে এজাহাৰ দাখিল । কংগ্ৰেছেও আৰক্ষীৰ কাষ চাপিছে ।

Rahul Gandhi Parliament tussle
সংসদত শাসক-বিৰোধীৰ হতাহতি বিতৰ্ক;উভয় পক্ষৰে এজাহাৰ দাখিল (ANI)

By ANI

Published : Dec 19, 2024, 9:38 PM IST

নতুন দিল্লী : 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' আৰু আম্বেদকাৰক অপমানক কেন্দ্ৰ কৰি শাসক-বিৰোধীৰ মতবিৰোধ চলি থকাৰ মাজতে সংসদ ভৱনত অনাকাংক্ষিত ঘটনা । দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ এক নতুন বিতৰ্ক আৰম্ভ হৈছে । চিৰিৰ পৰা পৰি বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী আঘাতপ্ৰাপ্ত হোৱা ঘটনাক এতিয়া দুয়োপক্ষই ৰাজনৈতিক অস্ত্ৰ হিচাপে লৈছে ।

শাসক-বিৰোধীৰ অভিযোগ

বিজেপি আৰু কংগ্ৰেছে সংসদ চৌহদত কথিত হতাহতিৰ বাবে অভিযোগ দাখিল কৰিছে । ৰাহুল গান্ধীয়ে ঠেলি দিয়াৰ বাবে বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগী পৰি যোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতা অনুৰাগ ঠাকুৰৰ নেতৃত্বত বিজেপি সাংসদসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ওচৰত আক্ৰমণ আৰু উচতনিৰ বাবে অভিযোগ দাখিল কৰিছে । ইয়াৰ কিছু সময় পিছতে মহিলা সাংসদসহ কংগ্ৰেছ সাংসদসকলৰ এটা প্ৰতিনিধি দলেও সংসদ চৌহদত হতাহতিৰ সময়ত বিজেপি নেতাসকলে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি সংসদ পথ আৰক্ষীৰ কাষ চাপে ।

সাংবাদিকৰ আগত অনুৰাগ ঠাকুৰে কয় যে অভিযোগটো ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ) বিভিন্ন ধাৰাৰ অধীনত দাখিল কৰা হৈছে । যাৰ ভিতৰত আছে ১০৯, ১১৫, ১১৭, ১২৫, ১৩১ আৰু ৩৫১ ধাৰা । বিজেপি আৰু কংগ্ৰেছ উভয় পক্ষৰে অভিযোগৰ পিছত দিল্লী আৰক্ষীয়ে কয় যে এজাহাৰ দাখিলৰ প্ৰক্ৰিয়াৰ সমান্তৰালকৈ দুয়োটা গোচৰ আইনীভাৱে পৰীক্ষা কৰা হ'ব ।

কংগ্ৰেছৰ অভিযোগ

ইফালে কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিঙে বিজেপিক ড৹ বি আৰ আম্বেদকাৰৰ বিষয়ে কৰা মন্তব্যৰ পৰা মনোযোগ আঁতৰাবলৈ এনে নাটকৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰে । সিঙে সাংবাদিকক কয়, "মিছা অভিযোগ উত্থাপন কৰাটো বিজেপিৰ চৰিত্ৰ । তেওঁলোকে (বিজেপি) বাবাচাহেব আম্বেদকাৰৰ বিষয়ে কোৱা কথাৰ প্ৰতিৰোধ কৰিবলৈ এই 'নাটক' আৰু 'নৌটঙ্কি' কৰিছে...এই সকলোবোৰ বিজেপি সাংসদসকলৰ সংঘৰ্ষবাদী পদ্ধতিৰ বাবে ঘটিছিল । মল্লিকাৰ্জুন খাৰ্গেক ঠেলি দিয়া হৈছিল আৰু দুৰ্ব্যৱহাৰ কৰা হৈছিল ।"

ঘটনাটোক ষড়যন্ত্ৰ বুলি অভিহিত কৰি কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়েও দাবী কৰে যে মল্লিকাৰ্জুন খাৰ্গেক ইচ্ছাকৃতভাৱে ঠেলি দিয়া হৈছিল । তিৱাৰীয়ে কয়, "এজন দলিত নেতাক যিধৰণে দুৰ্ব্যৱহাৰ কৰা হৈছে আৰু আজি তেওঁক ঠেলি দিয়া হৈছে-এয়া সকলো ষড়যন্ত্ৰ ।"

কংগ্ৰেছৰ সাংসদ জেবি মাথেৰে অভিযোগ কৰিছে যে বিজেপিৰ সাংসদসকলে তেওঁলোকৰ শান্তিপূৰ্ণ প্ৰতিবাদত ব্যাঘাত জন্মোৱাৰ ষড়যন্ত্ৰ কৰিছিল । মাথেৰে কয়, "আমি বাবাচাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ পৰা মকৰ দ্বাৰলৈ শান্তিপূৰ্ণ পদযাত্ৰা কৰি আছিলো । আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আহিছো । আজি শাসকীয় ব্যৱস্থা-বিজেপিৰ সাংসদসকলে মল্লিকাৰ্জুন খাৰ্গেজী, প্ৰিয়ংকা গান্ধীজী আৰু অন্যান্য মহিলা সাংসদসকলৰ সৈতে কৰা আচৰণৰ এক ষড়যন্ত্ৰ ৰচনা কৰাটো দুৰ্ভাগ্যজনক । তেওঁলোকে (বিজেপি সাংসদসকলে) এটা নাটক সৃষ্টি কৰিব বিচাৰিছিল আৰু তেওঁলোকে ঠিক সেইটোৱেই কৰিছিল ।"

কি আছিল ঘটনাটো ?

উল্লেখ্য যে এন ডি এ আৰু ইণ্ডিয়া ব্লকৰ সাংসদে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল । তেতিয়া দুয়োপক্ষৰ মাজত সংঘৰ্ষ হৈছিল । ফলত বিজেপিৰ দুগৰাকী সাংসদ আহত হয় ৷ বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আন এজন সাংসদক ঠেলি দিয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল । তেওঁ কৈছিল যে ৰাহুল গান্ধীয়ে ঠেলি দিয়া সাংসদগৰাকী তেওঁৰ গাৰ ওপৰত পৰিছিল । সাৰংগীয়ে দাবী কৰে যে তেওঁ চিৰিৰ ওচৰত থিয় হৈ আছিল যেতিয়া সংসদৰ আন এজন সদস্য (এমপি) তেওঁৰ ওপৰত পৰিছিল, যাৰ ফলত তেওঁ মূৰত আঘাতপ্ৰাপ্ত হৈছিল ।

অৱশ্যে এই অভিযোগ নস্যাৎ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁ সংসদৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছিল । তেতিয়া প্ৰৱেশদ্বাৰৰ ওচৰত প্ৰতিবাদ কৰি থকা বিজেপি সাংসদসকলে তেওঁক ঠেলি দিছিল আৰু ভাবুকি দিছিল । তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেকো ঠেলি দিয়া হৈছিল ।

লগতে পঢ়ক :ৰাহুলৰ ঠেলাত লুটি খাই পৰিল কোন ? আম্বেদকাৰক অপমান প্ৰসংগক লৈ সংসদৰ বাহিৰ-ভিতৰ উত্তাল - AMBEDKAR ROW

ABOUT THE AUTHOR

...view details