অসম

assam

ETV Bharat / bharat

অৰুণাচলত ডাৱৰ বিস্ফোৰণ: ৰাজধানী ইটানগৰত ব্যাপক ভূমিস্খলন; বানৰ ফলত স্তব্ধ জনজীৱন - Cloudburst in Arunachal pradesh

Landslides in Itanagar: ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন আৰু বান পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচলত ৷ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৷ সতৰ্কতা অৱলম্বনৰ বাবে ৰাইজক আহ্বান প্ৰশাসনৰ ৷

Landslides in Itanagar
CLOUDBURST IN ARUNACHAL PRADESH (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:46 PM IST

তেজপুৰ, 23 জুন:দেওবাৰে পুৱাৰ ভাগত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ভয়াৱহ ভূমিস্খলন আৰু বান পৰিস্থিতিৰ উদ্ভৱ হয় ৷ বিগত কিছুদিন ধৰি অঞ্চলটোত প্ৰৱল বৃষ্টিপাত হৈ আছে ৷ বিগত দুদিন ধৰি পৰিস্থিতি উন্নত হোৱাৰ লক্ষণ দেখা গৈছিল ৷ প্ৰবল বৃষ্টিপাতৰো কোনো আগজাননী দিয়া নাছিল বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে পুৱা প্ৰায় 10.30 বজাত সংঘটিত হোৱা এই ডাৱৰ বিস্ফোৰণে অঞ্চলটোৰ লোকসকলৰ লগতে নিৰ্দিষ্ট বিভাগৰ বিষয়াসকলকো অস্বস্তিত পেলায় ৷

অৰুণাচলত ডাৱৰ বিস্ফোৰণ (ETV Bharat)

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই কয়, “ডাৱৰৰ বিস্ফোৰণৰ ফলত ইটানগৰ আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন অঞ্চলৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে ৷ আনহাতে গুৰুত্বপূৰ্ণ ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অংশ বানত ডুব গৈছে, যাৰ ফলত বহু বাহন আবদ্ধ হৈ পৰিছে ।”

লগতে পঢ়ক:নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ আশংকা : নিদ্ৰাহৰণ গুৱাহাটীৰ পাহাৰবাসীৰ - Guwahati Landslide

জিলা প্ৰশাসনে তৎকালীন সঁহাৰি জনাই বাসিন্দাসকলক নদী বা ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা আঁতৰি আহি সুৰক্ষিত স্থানত স্থাপন কৰা 7 টা নিৰ্দিষ্ট সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে । ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ লগতে বন্ধ হৈ পৰা পথসমূহ মুকলি কৰিবলৈ উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে ।

নাহৰলগুনৰ পৰা ইটানগৰলৈ যোৱা ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । লগতে ইটানগৰৰ এনাৰ্জি পার্ক ডাৱৰ বিস্ফোৰণৰ ফলত সম্পূৰ্ণৰূপে পানী ডুব যায় । উক্ত অঞ্চলত থকা বহুতো ঘৰ ধ্বংস হোৱাৰ লগতে বহুকেইখন বাহন পথৰ ওপৰত পানীত উটি যোৱা দেখিবলৈ পোৱা গৈছে । ইফালে মুখ্যমন্ত্ৰীৰ উপদেষ্টা ফুৰফা চেৰিঙে দুদিন পূৰ্বে ভূমিস্খলন হোৱা বান্দৰদেৱা নাহৰলগুনৰ সংযুক্ত পথৰ পুনৰ নিৰ্মাণৰ বাবে নিজে তদাৰক কৰি আছে ।

লগতে পঢ়ক:বানৰ কবলত ১২ খন জিলাৰ তিনি লাখ লোক : মৃত্যুৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি - Assam Flood 2024

ABOUT THE AUTHOR

...view details