তেজপুৰ: "অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ ইতিহাসত আমি কেতিয়াও দেখা নাই এনে বিশ্বাসঘাতকতা ৷ বিড়ম্বনাৰ কথাটো হ’ল, আদি ৰাজনীতিবিদসকলৰ সংযুক্ত একক ঐক্যই ১৯৭৮ চনৰ পৰা আদি ভূমিৰ ইতিহাসত এনেধৰণৰ ঘটনা আগতে কেতিয়াও দেখা নাই ৷" এই মন্তব্য চিয়াং জিলাৰ এজন আদি জনগোষ্ঠীৰ চিয়াং নদীবান্ধৰ প্ৰতিবাদকাৰী দিকান্ত লিবাঙৰ ।
কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ বক্ষত চীনে তাচাংপোত নিৰ্মাণ কৰা নদীবান্ধৰ ভেটো হিচাবে এটা ১১,০০০ মেগাৱাটৰ বৃহৎ নদীবান্ধ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰাৰ বাবে বৃহৎ সংখ্যক কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ মোতায়েনৰ আহ্বান জনোৱা পিছতে চিয়াং আৰু চুবুৰীয়া জিলাকেইখন প্ৰতিবাদ মুখৰ হৈ পৰিছে ।
অৰুণাচল প্ৰদেশৰ চিয়াঙত পুনৰ নদীবান্ধ বিৰোধী প্ৰতিবাদ (ETV Bharat Assam) লিবাঙৰ মতে তেওঁলোকৰ ঐক্যবদ্ধ শক্তিটোৱে মাটিৰ মালিকে পাবলগীয়া মাটিৰ ক্ষতিপূৰণৰ দিব বিচাৰিছে ৷ কিন্তু তেওঁলোকক কোনো ক্ষতিপূৰণ নালাগে আৰু সেই স্থানত উক্ত প্ৰকল্প হোৱাটোও নিবিচাৰে ৷ পূৰ্বতে দিবাঙত ৬০%তকৈ অধিক ক্ষতিপূৰণৰ ধন অপব্যৱহাৰ কৰা হৈছিল বুলি তেওঁ অভিযোগ উত্থাপিত কৰে ।
দেওবাৰে চিয়াং ইণ্ডিজিনিয়াছ ফাৰ্মাৰ ফৰামৰ নেতৃত্বত (এছ আই এফ এফ) কেবাটাও ছাত্ৰ সংগঠনে কেবাখনো গাঁৱৰ প্ৰায় ৩ হাজাৰৰো অধিক প্রতিবাদকাৰী সহযোগত চিয়াং জিলাৰ পাৰং গাঁৱত জিলা প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে । এই চিয়াং উচ্চ বহুমুখী প্ৰকল্প (SUMP)ৰ প্ৰাক-সম্ভাৱ্যতা প্ৰতিবেদন (পিএফআৰ) ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকক তেওঁলোকৰ জনপ্ৰতিনিধি আৰু জনগোষ্ঠীৰ প্ৰতিনিধিয়ে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ উত্থাপিত কৰে ।
অৰুণাচল প্ৰদেশৰ চিয়াঙত পুনৰ নদীবান্ধ বিৰোধী প্ৰতিবাদ (ETV Bharat Assam) দিকান্ত লিবাংয়ে ইটিভি ভাৰতক কয়, "জিলা আয়ুক্তই এই চিয়াং নদী বান্ধৰ প্ৰকল্প নিৰ্মাণৰ বাবে সামৰিক বাহিনী নিয়োগ কৰাটো এক দুৰ্ভাগ্যজনক বিষয় ৷"
আনহাতে তেওঁ নিজৰ জনগোষ্ঠীৰ লোকসকলক উদ্দেশ্য কৰি কয়, "নিৰ্বাচনৰ সময়ত এই ৰাজনীতিবিদসকলে কেৱল নিজৰ ভোটাৰক আস্থা দিয়ে আৰু এতিয়া সেই প্ৰতিশ্ৰুতি ভংগ কৰিছে ৷ কাৰণ সেয়া সকলো ভুৱা আৰু কেতিয়াও পাহৰিব নোৱাৰিব । তেওঁলোকে যদি ইয়াৰ সমৰ্থন কৰে তেতিয়াহ’লে পূৰ্বপুৰুষৰ ভূমি হেৰুৱাবলগীয়া হ'ব ।"
অৰুণাচল প্ৰদেশৰ চিয়াঙত পুনৰ নদীবান্ধ বিৰোধী প্ৰতিবাদ (ETV Bharat Assam) আনহাতে আজি প্ৰতিবাদস্থলীৰ পৰা পাৰং গাঁৱৰ প্ৰকল্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’বলগীয়া যুৱক ডুবিত চিৰাময়ে ইটিভি ভাৰতক কয়, "আমি কোনো ভূমিৰ মূল্য বিচৰা নাই আৰু এই ক্ষতি কাৰো হোৱাটো আমি নিবিচাৰোঁ ।" চিয়াং নদীৰ সম্ভাব্য প্ৰকল্পৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্ব আৰু চিয়াং জিলাৰ সদৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত পাৰং গাঁৱত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।
চিয়াং জিলাৰ আয়ুক্তই যোৱা ৬ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশত এক নিৰ্দেশনা জাৰি কৰে যে ৰিওৰ চৰকাৰী বিদ্যালয়ত কেন্দ্ৰীয় পেৰা মিলিটেৰী দল ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ৰিও চিয়াং হাইড্ৰেল প্রজেক্ট বাবে নিৰ্মাণ কৰিবলগীয়া বান্ধৰ সমীপত অৱস্থিত ।
এজাহাৰৰ প্ৰতিলিপি (ETV Bharat Assam) এই কেন্দ্ৰীয় সুৰক্ষা বাহিনী মুঠ ৯ টা বিশেষ স্থানত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেইসমূহ ক্ৰমে পূব চিয়াঙৰ সদৰ পাছিঘাট, উজনি চিয়াঙৰ য়িংকীয়ঙ, চিয়াঙৰ সদৰ বলেং, জেঙিং, পেৰং, ৰিও, গেকো, বিগিং আৰু দিতে ডিমে অঞ্চল ।
চিয়াং জিলাৰ আয়ুক্ত পি এন থুঙগণে ইটিভি ভাৰতক এক টেলিফোন বার্তাত কয়, "কেন্দ্ৰীয় সুৰক্ষা বাহিনী এতিয়াও আহি পোৱা নাই । জিলাখনত এক ভুল বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ এই সুৰক্ষা বাহিনী সাধাৰণ লোক বা প্ৰতিবাদী কাৰ্যসূচী ৰোধ কৰিবলৈ নহয় । সুৰক্ষা বাহিনী অনা হৈছে মাত্ৰ বান্ধ নিৰ্মাণ কৰিবলৈ অনা সামগ্ৰীৰ পৰ্যবেক্ষণ কৰিবলৈ ৷"
উল্লেখ্য যে, যোৱা ১৩ ডিচেম্বৰত ৰিও গাঁৱৰ গাওঁবুঢ়া টাবেং তামুকে বলেং সদৰ থানাত জিলা আয়ুক্ত থুঙগণৰ বিৰুদ্ধে ভুল পথে পৰিচালিত কৰি ৰিও গাঁৱৰ চৰকাৰী বিদ্যালয়ত কেন্দ্ৰীয় সুৰক্ষা বাহিনী নিয়োজিত কৰিবলৈ লোৱা বুলি এক গোচৰ ৰুজু কৰিছে । ইটিভি ভাৰতত সেই গোচৰৰ প্ৰতিলিপি উপলব্ধ ।
এজাহাৰৰ প্ৰতিলিপি (ETV Bharat Assam) চিয়াং নদী বান্ধৰ নিৰ্মাণ হ’লে ক্ষতিগ্ৰস্ত হ’বলগীয়া গাঁওসমূহ হৈছে, বেগিং, পাৰং, সীটাং, ৰিগা, পনাকাং, জৰকং, পনাকাং কুমকো, জেংগিং অতিৰিক্ত আয়ুক্তৰ মুখ্য কাৰ্যালয় এলেকা কাৰ্কো, গোছাং, ৰামছিং, ময়িং, বোমদ, জনবও, পুগিং, লিকৰ, গেটতে, য়িংকীয়ঙ জিলা মুখ্য কাৰ্যালয়, চিমঙ, হালেং, কমকাৰ, গেকো, গেকু কুমকু আৰু চুমচিং ৷ এই বান্ধ নিৰ্মাণ হ’লে ২৫ খন গাঁৱৰ প্ৰায় ১.৫ লাখ লোকৰ জীৱন বিপদাপন্ন বুলি দিকান্ত লিবাংয়ে কয় ।অৰুণাচল প্ৰদেশৰ মুঠ পাঁচখন জিলাত আদি জনগোষ্ঠীৰ প্ৰায় ৭৬ হাজাৰ লোক আছে ।
উল্লেখ্য যে, দিবাং জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ সময়ৰ পৰা অৰুণাচল প্ৰদেশৰ টাৱাং জিলাতো এই নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল ৷ ইয়াৰ পিছত এতিয়া এই প্ৰতিবাদ পুনৰ চিয়াং জিলাৰ পৰা সমগ্ৰ আদি জনগোষ্ঠীৰ বসতি অঞ্চলত পুনৰ আৰম্ভ হৈছে ।
লগতে পঢ়ক:'কা'ক লৈ চৰকাৰে পানী-পাৰ খেলিছে নেকি ? পঞ্চ ছহিদক সুঁৱৰি আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান