অসম

assam

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:08 PM IST

ETV Bharat / bharat

নুডলছ খোৱাৰ পূৰ্বে সাৱধান: নুডলছৰ বাবে সংঘটিত হ’ল ভয়ংকৰ ঘটনা - Deadly Noodles

Food poisoning : নুডলছৰ সৈতে ভাত খোৱাৰ পিচত ছবছৰীয়া শিশুৰ মৃত্যু ৷ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত স্বাস্থ্য বিভাগৰ দলটোৱে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।

Food poisoning
নুডলছৰ খোৱাৰ পিচত ছবছৰীয়া শিশুৰ মৃত্যু (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 11 মে’ : নুডলছে কাল মাতিলে এটা পৰিয়াললৈ ৷ নুডলছ খাই গুৰুতৰভাৱে অসুস্থ শিশুসহ একে পৰিয়ালৰ ছজনকৈ লোক ৷ পৰৱৰ্তী সময়ত বিষক্ৰিয়াৰ ফলত মৃত্যু হয় 6 বছৰীয়া শিশুটিৰ ৷ উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷

জানিব পৰা মতে পিলিভিট জিলাত নুডলছৰ সৈতে ভাত খোৱাৰ পিচত এটা পৰিয়ালৰ ছজন সদস্যৰ অৱস্থাৰ অৱনতি ঘটে ৷ ফলত পৰিয়ালটোৰ সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ য’ত তেওঁলোক সকলোৱে প্ৰাথমিক চিকিৎসাৰ পিচত ঘৰলৈ ঘূৰি আহিছিল ৷ কিন্তু ঘৰলৈ ঘুৰি অহাৰ পিচতেই 6 বছৰীয়া শিশুটিৰ মৃত্যু হয় ৷ ইয়াৰ পিচত পৰিয়ালৰ আনসকলৰ অৱস্থাৰো অৱনতি ঘটে ৷ ইতিমধ্যে সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাৰ পিচত পৰিয়ালৰ সদস্যসকল আতংকিত হৈ পৰিছে ৷

পুৰাণপুৰ তহচিলৰ অঞ্চলৰ অন্তৰ্গত ৰাহুল নগৰৰ বাসিন্দা সীমাই কেইবা বছৰ পূৰ্বে ডেৰাডুনৰ বাসিন্দা চনুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ সীমাৰ লগত বৃহস্পতিবাৰে তেওঁৰ পুত্ৰ ৰোহন আৰু বিবেক আৰু জীয়ৰী সন্ধ্যা আছিল ৷ য'ত পৰিয়ালৰ সকলো সদস্যই ৰাতি নুডলচ আৰু ভাত খাই শুইছিল ৷

ইয়াৰ পিচত নিশাৰ ভাগত সীমা, তেওঁৰ তিনিটা সন্তান, ভগ্নী সঞ্জু আৰু নবৌৱেক সঞ্জনাৰ অৱস্থাৰ অৱনতি ঘটে ৷ লগে লগে অসুস্থ আটাইকেইজন লোকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ অৱস্থাৰ উন্নতিৰ পিচত তেওঁলোক ঘৰলৈ ঘূৰি যায় ৷ কিন্তু মাজনিশা পৰিয়ালটোৰ লোকসকলৰ পুনৰবাৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷

এই সময়ত সীমাৰ পুত্ৰ ৰোহনে পানী খাই পেটত কিছু অসুবিধা আছে বুলি কৈ শুই পৰিছিল আৰু কিছু সময়ৰ পিচত ৰোহনৰ মৃত্যু হয় ৷ ঘটনাটোৰ পিচত আন সদস্যসকলৰ অৱস্থাৰো অৱনতি ঘটিছিল ৷ তেওঁলোক সকলোকে শনিবাৰে ৰপুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল ৷ য'ৰ পৰা বিবেকক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিচত স্বাস্থ্য বিভাগৰ এটা দলে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ বিষয়টোৰ ওপৰত তথ্য দি পুৰাণপুৰ স্বাস্থ্য কেন্দ্ৰৰ ডাঃ ৰছিদে কয় যে সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ পাঁচজন লোকক অনা হয় ৷ পৰিয়ালৰ লোকসকলে কয় যে তেওঁলোকে নুডলছৰ সৈতে ভাত খাইছিল ৷ ইয়াৰে এজনৰ অৱস্থা গুৰুতৰ দেখি তেওঁক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে স্বাস্থ্য কেন্দ্ৰত আন সকলৰ চিকিৎসা চলি আছে ৷

লগতে পঢ়ক :এখন বাহনৰ পৰা ওলাইছে কোটি কোটি টকা; পিছে কি কাৰণ... - 7 Crore Cash Seized

ABOUT THE AUTHOR

...view details