কাঙ্কেৰ :ছত্তীশগড়ৰ মাড় সংমণ্ডলত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ সমাপ্ত হৈছে । কিন্তু সেনাই অৰণ্যত তালাচী অভিযান চলাই আছে । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে 5 জন পুৰস্কাৰ ঘোষণা কৰা নক্সালবাদীক হত্যা কৰে । দেওবাৰে নিহত নক্সালবাদীকেইটাৰ মৃতদেহ লৈ সেনাৰ এটা দল শিবিৰত উপস্থিত হয় আৰু তাত নক্সালবাদীকেইটাক চিনাক্ত কৰা হয় । আটাইকেইটা নক্সালবাদীকে চিনাক্ত কৰা হৈছে । নিহত নক্সালবাদীকেইটাৰ মূৰৰ ওপৰত ৪০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল আৰু আটাইতকেইটা ম'ষ্ট ৱাণ্টেড আছিল । নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বহু পূৰ্বৰে পৰা বিচাৰি আছিল ।
কাঙ্কেৰ এনকাউণ্টাৰত নিহত ম'ষ্ট ৱাণ্টেড নক্সালবাদী : কাঙ্কেৰ এনকাউণ্টাৰত নিহত আটাইকেইটা নক্সালবাদীৰ প্ৰতিজনৰে মূৰৰ ওপৰত ৮ লাখকৈ টকা পুৰস্কাৰ ঘোষণা কৰা আছিল । 10 নম্বৰ কোম্পানীৰ আটাইকেইজন ডি ভি চি এম কমাণ্ডাৰ নক্সালবাদী । আৰক্ষীয়ে সমগ্ৰ ঘটনা সোমবাৰে প্ৰকাশ কৰিব ।
৪০ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা নিহত নক্সালবাদীকেইটা হৈছে :
ভানোজা মিচা কৰম :এওঁ হৈছে ৪২ বছৰীয়া মহিলা নক্সাল । তেওঁ ভৈৰামগড় বিজাপুৰৰ বাসিন্দা আছিল । উত্তৰ-দক্ষিণ সংমণ্ডলৰ প্ৰেছ দলৰ তেওঁ ডি ভি চি এম কমাণ্ডাৰ আছিল । মহিলা নক্সালগৰাকীৰ ওপৰত ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । তেওঁ লগত এটা আই এন এছ এ এছ ৰাইফল ৰাখিছিল ।
সন্তোষ কোৰ্চামি :বয়স প্ৰায় 35 বছৰৰ পুৰুষ নক্সালবাদী । ধনোৰা আৰক্ষী থানাৰ অন্তৰ্গত চিৰপোলিৰ শিৱগাট্টা গাঁৱৰ বাসিন্দা আছিল । ডিভিজনটোৰ ষ্টপ দলত তেওঁ পি এম পদত আছিল । তেওঁৰ লগত এটা চিংকল শ্বট অস্ত্ৰ ৰাখিছিল আৰু ৮ লাখ টকা পুৰস্কাৰ তেওঁৰ ওপৰত আছিল ।