নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী :উচ্চতম ন্যায়ালয়ে মঙলবাৰে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ বেলট কাকত পৰীক্ষা কৰিব । লগতে গণনা প্ৰক্ৰিয়াৰ ভিডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰিব আৰু নতুন নিৰ্বাচনৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে ইতিমধ্যে দিয়া ভোটৰ ভিত্তিত ফলাফল ঘোষণা কৰাৰ কথা বিবেচনা কৰাৰ সম্ভাৱনা আছে ।
দেশৰ শীৰ্ষ ন্যায়ালয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰি সোমবাৰে কয় যে বিতৰ্কিত চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ পিছত সংঘটিত 'হৰ্ছ ট্ৰেডিং'ক লৈ গভীৰভাৱে চিন্তা ব্যক্ত কৰে আৰু ৩০ জানুৱাৰীত অনুষ্ঠিত নিৰ্বাচনৰ ৰেকৰ্ড আৰু ভিডিঅ'সমূহ বিচাৰে । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ন্যায়ালয়ে ইতিমধ্যে দিয়া ভোটৰ ভিত্তিত ফলাফল ঘোষণা কৰাৰ কথা বিবেচনা কৰিব পাৰে ।
উচ্চতম ন্যায়ালয়ে লগতে কয় যে মঙলবাৰে দুপৰীয়া ২ বজাত তেওঁলোকে বেলট কাকত আৰু নিৰ্বাচনৰ সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰিব। আনহাতে, পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানক নতুন দিল্লীলৈ এই তথ্যবোৰ সুৰক্ষিতভাৱে অনাৰ বাবে এগৰাকী ন্যায়িক বিষয়াক নিযুক্তি দিবলৈও নিৰ্দেশ দিয়ে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয়, "আমি নিজেই দুপৰীয়া ২ বজাত ৰেকৰ্ডবোৰ পৰীক্ষা কৰিম ।"
"আমি কাইলৈ ইয়াক তালিকাভুক্ত কৰিম আৰু বেলট কাকতবোৰ পৰীক্ষা কৰিম আৰু তাৰ ভিত্তিত কি কৰিব লাগে তাৰ সিদ্ধান্ত গ্ৰহণ কৰিম । প্ৰচলিত হৰ্ছ ট্ৰেডিঙৰ এই সমগ্ৰ বিষয়টো অতি বিচলিত ধৰণৰ । ভোট গণনাৰ সমগ্ৰ ভিডিঅ'টো কাইলৈ দুপৰীয়া উপস্থাপন কৰা হওক ।" চিজেআয়ে কয় । আনহাতে, আদালতে ৰিটাৰ্ণিং বিষয়া অনিল মাছিহকো মঙলবাৰে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে ।