নেশ্যনেল ডেস্ক, 18 আগষ্ট : দলত হোৱা অপমানক লৈ ক্ষুব্ধ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান হেমন্ত মন্ত্ৰীসভাৰ মন্ত্ৰী চম্পাই ছোৰেনে অৱশেষত নিজৰ অনুভৱ ব্যক্ত কৰিছে ৷ দিল্লী পোৱাৰ লগে লগে বিজেপিত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে তেওঁ এক্স (টুইটাৰ)ত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ৷ চেৰাইকেলাৰ 6 বাৰৰ বিধায়ক চম্পাই ছোৰেনে লিখিছে যে- ক্ষমতাৰ লোভৰ নামমাত্ৰও নাছিল, কিন্তু আত্মসন্মানত লগা এই আঘাত মই কাক দেখুৱাম ? আপোনজনে দিয়া বেদনা ক’ত প্ৰকাশ কৰিম ? অপমানজনক আচৰণত আৱেগিক হৈ মই চকুপানী নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিলো, কিন্তু তেওঁ কেৱল চকীখনৰ প্ৰতিহে চিন্তা কৰিছিল ৷ মোৰ এনে লাগিল যেন সেই দলটোত মোৰ কোনো অস্তিত্ব নাই ৷ সেইদিনাৰ পৰা আজিলৈকে আৰু আগন্তুক ঝাৰখণ্ড বিধান সভা নিৰ্বাচনলৈকে এই যাত্ৰাত মোৰ বাবে সকলো বিকল্প মুকলি হৈ আছে ৷
এইবোৰ কথাত চম্পাই ছোৰেনে আঘাত পাইছিল :
"হোল দিৱসৰ পিছদিনা মই গম পালোঁ যে পৰৱৰ্তী দুদিনৰ বাবে মোৰ সকলো কাৰ্যসূচী দলৰ নেতৃত্বই পিছুৱাই দিছে ৷ ইয়াৰে এটা আছিল ডুমকাত ৰাজহুৱা কাৰ্যসূচী, আনহাতে আনটো কাৰ্যসূচী আছিল পি জি টি শিক্ষকসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা ৷"
এজন মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আন কোনোবাই বাতিল কৰাতকৈ গণতন্ত্ৰত ইয়াতকৈ অপমানজনক কিবা হ’ব পাৰেনে ? অপমানৰ এই তিক্ত চুমুকটো খায়ো মই ক’লোঁ যে নিযুক্তি পত্ৰ বিতৰণ পুৱাহে, আনহাতে বিধায়িনী দলৰ সভা দুপৰীয়া হ’ব, গতিকে ইয়াৰ পৰা গৈ মই তাত উপস্থিত থাকিম ৷ কিন্তু ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰা হৈছিল ৷
কোৱা হয় যে মুখ্যমন্ত্ৰীৰ বিধায়িনী দলৰ সভা আহ্বান কৰাৰ অধিকাৰ আছে, কিন্তু মোক সভাৰ এজেণ্ডাও কোৱা হোৱা নাছিল ৷ যোৱা তিনিদিনৰ অপমানজনক আচৰণক লৈ মই আৱেগিক হৈ পৰাৰ বাবে চকুপানী নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিলো, কিন্তু তেওঁ কেৱল চকীখনৰ প্ৰতিহে চিন্তা কৰিছিল ৷ মোৰ এনে লাগিল যেন মোৰ কোনো অস্তিত্ব নাই, সেই দলটোত কোনো অস্তিত্ব নাই, যাৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিছিলোঁ ৷
গধুৰ হৃদয়েৰে মই বিধানয়িনী দলৰ একেখন বৈঠকতে কৈছিলো- "আজিৰ পৰা মোৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ব ৷" ইয়াত মোৰ তিনিটা বিকল্প আছিল ৷ প্ৰথমতে ৰাজনীতিৰ পৰা অৱসৰ লোৱা, দ্বিতীয়তে নিজৰ সংগঠন স্থাপন কৰা আৰু তৃতীয়তে এই পথত যদি কোনো সংগী পাওঁ, তেন্তে তেওঁৰ সৈতে আৰু অধিক যাত্ৰা কৰা উচিত ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে নিজৰ চিঠিত লিখিছে, ‘জোহাৰ বন্ধুসকল, আজি বাতৰি চোৱাৰ পিছত নিশ্চয় আপোনালোক সকলোৰে মনত বহু প্ৰশ্নৰ উত্থান ঘটিছে ৷ কাৰণ কলহানৰ এখন সৰু গাঁৱত বসবাস কৰা এজন দুখীয়া খেতিয়কৰ পুত্ৰক এই সন্ধিক্ষণলৈ লৈ যোৱা হ’ল ?
মোৰ ৰাজহুৱা জীৱনৰ আৰম্ভণিতে উদ্যোগিক ঘৰৰ বিৰুদ্ধে শ্ৰমিকৰ কণ্ঠ উত্তোলনৰ পৰা আৰম্ভ কৰি ঝাৰখণ্ড আন্দোলনলৈকে মই সদায় জনচিন্তাৰ ৰাজনীতি কৰি আহিছো ৷ ৰাজ্যৰ জনজাতীয়, খিলঞ্জীয়া, দৰিদ্ৰ, শ্ৰমিক, ছাত্ৰ-ছাত্ৰী আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছো ৷ যি পদতে অধিষ্ঠিত হও বা নহও, ঝাৰখণ্ড ৰাজ্যৰ সৈতে নিজৰ উন্নত ভৱিষ্যতৰ সপোন দেখা সেইসকল লোকৰ সমস্যা উত্থাপন কৰি প্ৰতি মুহূৰ্ততে জনসাধাৰণৰ বাবে উপলব্ধ হৈ আছিলো ৷
ইফালে 31 জানুৱাৰীত এক অভূতপূৰ্ব পৰিঘটনাত ইণ্ডি মিত্ৰজোঁটে মোক ঝাৰখণ্ডৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ সেৱা কৰিবলৈ নিৰ্বাচিত কৰিলে ৷ মোৰ কাৰ্যকালৰ প্ৰথম দিনৰ পৰা শেষ দিন (3 জুলাই)লৈকে মই সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰে ৰাজ্যৰ প্ৰতি মোৰ কৰ্তব্য পালন কৰিলোঁ ৷ এই সময়ছোৱাত আমি জনস্বাৰ্থত বহু সিদ্ধান্ত লৈছিলো আৰু সদায়ৰ দৰেই সকলোৰে বাবে সদায় উপলব্ধ হৈ আছিলো ৷ বয়োজ্যেষ্ঠ, মহিলা, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ প্ৰতিটো শ্ৰেণী আৰু ৰাজ্যৰ প্ৰতিজন ব্যক্তিক মনত ৰাখি আমি লোৱা সিদ্ধান্তৰ মূল্যায়ন ৰাজ্যবাসীয়ে কৰিব ৷
ক্ষমতা লাভ কৰাৰ সময়ত বাবা তিলকা মাঞ্জী, ভগৱান বীৰছা মুণ্ডা, ছিডো-কানহুৰ দৰে বীৰক শ্ৰদ্ধাঞ্জলি জনাই ৰাষ্ট্ৰৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো ৷ ঝাৰখণ্ডৰ প্ৰতিটো শিশুৱে জানে যে মোৰ কাৰ্যকালত মই কেতিয়াও কাৰো বেয়া হোৱা কাম কৰা নাছিলো, তেনে হ’বলৈয়ো দিয়া নাছিলো ৷