নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰত জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞা পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে বুলিও ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে । লগতে গৃহমন্ত্ৰী অমিত শ্বাহে জামাত-ই-ইছলামী সন্দৰ্ভত কয় যে সন্ত্ৰাসবাদ কেতিয়াও সহ্য কৰা নহ’ব।
উল্লেখ্য যে, ২০১৯ চনত এই সংগঠনটো নিষিদ্ধ কৰাৰ পিচত এইবাৰ এই সিদ্ধান্ত লোৱা হৈছে ৷ চৰকাৰে ইয়াৰ কাৰ্যকলাপক উদ্বেগ প্ৰকাশ কৰিছে যিবোৰ জাতিটোৰ নিৰাপত্তা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে ই ক্ষতিকাৰক বুলি গণ্য কৰিছে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত প্ৰকাশ কৰা এক বিবৃতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰে যে এই নিষেধাজ্ঞা বৃদ্ধি প্ৰধানমন্ত্ৰী মোদীৰ সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সৈতে মিল আছে । শ্বাহে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ নীতি অনুসৰণ কৰি চৰকাৰে জামাত-ই-ইছলামীৰ ওপৰত নিষেধাজ্ঞা পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে । সংগঠনটোৱে জাতিটোৰ নিৰাপত্তা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে নিজৰ কাৰ্যকলাপ অব্যাহত ৰখা দেখা গৈছে।"