অসম

assam

লাডাখত ৫ খন নতুন জিলা গঠনৰ ঘোষণা কেন্দ্ৰৰ - New Districts in Ladakh

By ANI

Published : Aug 26, 2024, 1:54 PM IST

New Districts in Ladakh: ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লাডাখত ৫ খন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে । জিলাকেইখন হ'ব জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং ।

New Districts in Ladakh
লাডাখত ৫ খন নতুন জিলা গঠনৰ ঘোষণা কেন্দ্ৰৰ (লাডাখ উপত্যকাৰ ফাইল ফটো)

নেশ্যনেল ডেস্ক,২৬ আগষ্ট :লাডাখ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । কেন্দ্ৰীয় শাসিত অঞ্চলটোত চৰকাৰে ৫ খন নতুন জিলা গঠন কৰাৰ ঘোষণা কৰিছে । ৫ খন জিলা হৈছে ক্ৰমে জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং । গৃহ মন্ত্ৰী অমিত শ্বাহে এক্সৰ জৰিয়তে এই কথা ঘোষণা কৰে । এক্সৰ এটা পোষ্টত নতুন জিলা গঠনৰ কথা ঘোষণা কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰ লাডাখৰ জনসাধাৰণৰ বাবে প্ৰচুৰ সুযোগ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

অমিত শ্বাহৰ ঘোষণা

অমিত শ্বাহে লিখিছে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ এক উন্নত আৰু সমৃদ্ধিশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ অনুসৰণত গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় শাসিত অঞ্চলত ৫ খন নতুন জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে । জাংস্কাৰ, দ্ৰাছ, শ্বাম, নুব্ৰা আৰু চাংথাং নামৰ নতুন জিলাসমূহে প্ৰতিটো কোণত শাসন শক্তিশালী কৰি জনসাধাৰণৰ বাবে নিৰ্ধাৰিত লাভালাভবোৰ তেওঁলোকৰ দুৱাৰমুখলৈ লৈ যাব ।"

গৃহ মন্ত্ৰীয়ে লগতে কয়, "মোদী চৰকাৰ লাডাখৰ জনসাধাৰণৰ বাবে প্ৰচুৰ সুযোগ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।" ২০১৯ চনৰ আগষ্টত কেন্দ্ৰই অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰে । যি পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰে আৰু অঞ্চলটোক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰে ।

জম্মু-কাশ্মীৰত নিৰ্বাচন

ইফালে, জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ৪ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব । অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পিচত এই অঞ্চলটোত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হ'ব । জম্মু আৰু কাশ্মীৰত ১০ বছৰৰ ব্যৱধানৰ অন্তত নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৪ চনত অন্তিম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

২০১৮ চনৰ জুন মাহত পিডিপি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ পতন ঘটিছিল যেতিয়া বিজেপি মিত্ৰজোঁটে তেতিয়াৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল । যোৱা বছৰৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ ডিজিপিক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Jharkhand Assembly Election 2024

ABOUT THE AUTHOR

...view details