নিউজ ডেস্ক, 15 অক্টোবৰ:কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ নীতি ৰূপায়ণ কৰিছে ৷ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড । CBSE ৰ এক নতুন নিৰ্দেশনা অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাত উপস্থিতি ন্যূনতম ৭৫% হ’ব লাগিব ।
শেহতীয়াকৈ বিদ্যালয়ৰ অধ্যক্ষসকলক উদ্দেশ্যি এক বিজ্ঞপ্তিযোগে CBSE এ গুৰুত্ব আৰোপ কৰিছে যে শৈক্ষিক দিশৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীৰ আন দিশসমূহৰ বিকাশত বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ দ্বাৰা এনে এক পৰিৱেশ প্ৰদান কৰা হয় যিয়ে পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ, চৰিত্ৰ গঠন, দলীয় কাম আৰু অন্তৰ্ভুক্তিক লাভান্বিত কৰে ।
এই শিক্ষণ পৰিৱেশৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সম্পূৰ্ণৰূপে উপকৃত হয়, তাৰ বাবে নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থকাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হয় । ইয়াৰ উপৰিও কয় যে CBSE ৰ পৰীক্ষাৰ উপ-বিধি বিশেষকৈ ১৩ আৰু ১৪ নং নিয়মত ৭৫% উপস্থিতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিটো বিদ্যালয়সমূহে কঠোৰভাৱে পালন কৰিব লাগিব ।