অসম

assam

ETV Bharat / bharat

বিমান বন্দৰত প্ৰায় 13 কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ জাৰ্মান নাগৰিক - Cocaine seized in Delhi Airport - COCAINE SEIZED IN DELHI AIRPORT

Cocaine seized in Airport: আশ্চৰ্যকৰ ! খেলনাৰ ভিতৰত নিচাজাতীয় সামগ্ৰী ভৰাই বিমানৰ জৰিয়তে সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ ৷ 13 কোটি টকা মূল্যৰ কোকেইন জব্দ ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মাত জাৰ্মান নাগৰিক ৷

CBI detains German national at Delhi Airport with 6 kg cocaine
আশ্চৰ্যকৰ ! খেলনাৰ ভিতৰত নিচাজাতীয় সামগ্ৰী ভৰাই বিমানেৰে সৰবৰাহৰ চেষ্টা (ANI)

By ANI

Published : Jul 26, 2024, 7:42 AM IST

নেশ্যনেল ডেস্ক, 26 জুলাই:আৰক্ষী তথা প্ৰশাসন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওক কিয়, দেশ তথা ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ বিভিন্ন কৌশল অৱলম্বন কৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰী তথা চক্ৰই প্ৰতিদিনেই সৰবৰাহ অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ । আৰক্ষী তথা প্ৰশাসনে কৰায়ত্ত কৰাৰ পাচত এনে ঘটনাৰ সৈতে জড়িতক ইতিমধ্যে কঠোৰ শাস্তিও প্ৰদান কৰা হৈছে যদিও কঠোৰ শাস্তিৰ ভয়ে এতিয়াও নাকী লগাব পৰা নাই একাংশ ড্ৰাগছ সৰবৰাহকাৰীক !

কটকটীয়ানিৰাপত্তা বেষ্টনীৰে গিজগিজাই থকা বিমানবন্দৰত এইবাৰ কৰায়ত্ত হ’ল এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ছয় কেজি কোকেইনসহ ভাৰতীয় মূলৰ এজন জাৰ্মান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই । বিষয়াসকলে জানিবলৈ দিয়া মতে, অশোক কুমাৰ নামৰ ব্যক্তিজনে ইণ্ডিগো এয়াৰলাইন্সৰ 6E 1308 নম্বৰৰ বিমানখনত ডোহাৰ পৰা নতুন দিল্লী অভিমুখে যাত্ৰা কৰিছিল ।

সংস্থাই দুটা কোমল খেলনাৰ ভিতৰত লুকুৱাই ৰখা কেপচুলত কোকেইনখিনি সৰবৰাহৰ চেষ্টা কৰিছিল । তদন্তকাৰী সংস্থাই কোকেইনৰ 270 টা কেপচুল জব্দ কৰিছে । ইতিমধ্যে লোকজনক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে ।

ইয়াৰ পূৰ্বে দক্ষিণ-পূব জিলাৰ এণ্টি-নাৰ্কটিক্স স্কোৱাডে যোৱা সপ্তাহত ছানলাইট কলনীৰ হৰি নগৰ আশ্ৰমত অভিযান চলাই এটা ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিছিল বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়ে ।

জব্দকৃত কোকেইনখিনিৰ বজাৰমূল্য প্ৰায় 13 কোটি টকা হ’ব বুলি সংস্থাই জনায় ৷ লগতে সংস্থাই অভিযুক্তৰ পৰা 7 টা মোবাইল ফোন, এখন স্কুটাৰ, নগদ 11,900 টকা, পেকিং সামগ্ৰী আৰু এটা ডিজিটেল ওজন জোখা মেচিন উদ্ধাৰ কৰে । ধৃত ব্যক্তিজন আইভৰি কোষ্টৰ 35 বছৰীয়া গ্নাহ’ৰ চাৰ্জ পাকমে বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক:অষ্ট্ৰেলিয়ালৈ কোকেইন ৰপ্তানিৰ অপৰাধত 33 বছৰৰ কাৰাদণ্ড ভাৰতীয় মূলৰ দম্পতীক

পাৰাদ্বীপত বিতৰ্কিত জাহাজ গ্ৰেপ্তাৰৰ নিৰ্দেশ ওড়িশা উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details