নিউজ ডেস্ক, ১৯ মাৰ্চ :মঙলবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব CAA ৰ শুনানি । ইয়াৰ বিৰুদ্ধে দুই শতাধিক আবেদন দাখিল কৰা হৈছে । এই আবেদন মুখ্যত কেৰালাৰ ইউডিএফ চৰকাৰ, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচি, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) আৰু অন্যান্যসকলে দাখিল কৰিছে । এই আবেদনসমূহে CAA ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচৰাৰ লগতে CAA ক অসাংবিধানিক ঘোষণা কৰাটো বিচাৰিছে ।
ওৱাইচিয়ে উচ্চতম ন্যায়ালয়ত CAA ৰূপায়ণৰ ওপৰত নিষেধাজ্ঞা বিচাৰি এখন আবেদন দাখিল কৰিছে । ওৱাইচিয়ে এই আবেদনত অসমত ১.৫ লাখ মুছলমানৰ বিষয়টো উত্থাপন কৰিছে । তেওঁ কয় যে বহু লোক এই আইনৰ প্ৰভাৱত পৰিব । কেৰালা চৰকাৰে CAA নিয়মৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিবলৈ অন্তৱৰ্তীকালীন আদেশ বিচাৰিছে ।
কেৰালা চৰকাৰে CAA নিয়মসমূহক অসাংবিধানিক বুলি অভিহিত কৰিছে । ৰাজ্য চৰকাৰখনে ভাৰতৰ তিনিখন চুবুৰীয়া দেশৰ ছয়টা ধৰ্মৰ সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰণয়ন কৰা আইনক প্ৰত্যাহ্বান জনাইছে । কেৰালাৰ ইউডিএফ চৰকাৰে কৈছে যে ধৰ্মৰ ভিত্তিত বৈষম্য অযুক্তিকৰ আৰু ধৰ্মনিৰপেক্ষ নীতিৰ উলংঘন ।