নতুন দিল্লী :বহু সমস্যাৰে জৰ্জৰিত ৰাজধানী দিল্লীত সোমবাৰে বিয়লি সংঘটিত হয় এক অঘটন ৷ জানিব পৰা মতে, দিল্লীৰ বুৰাৰী অঞ্চলত সোমবাৰে বিয়লি খহি পৰে এটা চাৰি মহলীয়া অট্টালিকা ৷ বৰ্তমানলৈকে লাভ কৰা তথ্য মতে, অট্টালিকাটো খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে ৷ লগতে মঙলবাৰে পুৱাৰ ভাগলৈকে ১২ জন লোকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমানেও এই উদ্ধাৰ অভিযান চলি আছে ।
এই ঘটনাক লৈ দিল্লীৰ মুখ্যমন্ত্রী আতিশী আৰু দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালেও শোক প্রকাশ কৰিছে ৷
ইফালে সাংসদ মনোজ তিৱাৰী আৰু বিধায়ক সঞ্জীৱ ঝাইও ঘটনাস্থলীত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কয়, ‘‘৪ মহলীয়া এই অট্টালিকাটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । ফিনিচিঙৰ বাবে পি অ’ পিৰ কাম চলি আছিল । ইতিমধ্য়ে ১২ জন লোকক উদ্ধাৰ কৰা হৈছে । বৰ্তমানেও এন ডি আৰ এফৰ দলটো ঘটনাস্থলীতে আছে ৷ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক সংকটমুক্ত বুলি জানিব পৰা গৈছে ।’’
আৰক্ষী আৰু এন ডি আৰ এফে কয়, ‘‘এতিয়াও কেবাজনো লোক উক্ত স্থানত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । দুৰ্ঘটনাৰ বাবে যিয়েই দায়ী নহওক কিয়, বৰ্তমান আমাৰ প্ৰাধান্য সকলোকে উদ্ধাৰ কৰা ।’’
ডিচিপি ৰাজা বান্থিয়াই কয়, ‘‘এই ঘৰটো শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু প্ৰায় ডেৰ বছৰ আগতে ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল । ইয়াত কোনো স্থায়ী বাসিন্দা নাছিল, কেৱল শ্ৰমিকৰ আহ-যাহ আছিল । ঘটনাৰ তদন্ত কৰি বিল্ডাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’