অসম

assam

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:13 AM IST

ETV Bharat / bharat

ইণ্ডিগ’ত বোমাৰ ভাবুকি, জৰুৰীকালীন দুৱাৰেদি ওলাই দৌৰ ল’লে যাত্ৰীয়ে - INDIGO bomb threat

Bomb threat on Indigo : দিল্লীৰ পৰা বাৰাণসীলৈ যোৱা ইণ্ডিগ'ৰ বিমানত বোমাৰ আতংক ৷ প্ৰাণৰ মমতাত জৰুৰীকালীন দুৱাৰেদি ওলাই দৌৰ মাৰিলে যাত্ৰীয়ে...

INDIGO FLIGHT BOMB THREAT
ইণ্ডিগ’ত বোমাৰ ভাবুকি, জৰুৰীকালীন দুৱাৰেদি ওলাই দৌৰ ল’লে যাত্ৰীয়ে (ETV BHARAT DELHI)

নেশ্যনেল ডেস্ক, 28 মে’ :পুনৰ ইণ্ডিগ’ৰ বিমানলৈ বোমাৰ ভাবুকি ৷মঙলবাৰে ইণ্ডিগ’ৰ এখন বিমানত বোমা থকা বুলি ভাবুকি লাভ কৰিছিল কৰ্তৃপক্ষই ৷ এই কথা বিমানখনত বহি থকা যাত্ৰীসকলে গম পোৱাৰ পিচতে যাত্ৰীসকলৰ মাজত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ জানিব পৰা মতে বিমানখন দিল্লীৰ পৰা বাৰাণসীলৈ গৈ আছিল ।

লগে লগে বিমানখন অনুসন্ধানৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বিচ্ছিন্ন উপসাগৰলৈ লৈ যোৱা হৈছিল । বিমানবন্দৰৰ বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, বিমান সুৰক্ষা আৰু বোম স্কোৱাডৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিমানখনৰ ভিতৰ চ’ৰা তন্ন তন্নকৈ পৰীক্ষা কৰে ৷

বোমাৰ ভাবুকি পোৱাৰ পিছতে ইণ্ডিগ'ৰ কৰ্মচাৰীসকলে এক সতৰ্কবাণী জাৰি কৰে ৷ লগে লগে তেওঁলোকক যাত্ৰীসকলক বিমানৰ পৰা নামিবলৈ দিয়ে কৰ্মচাৰীসকলে । ইয়াৰ পিচতে কিছুসংখ্যক যাত্ৰীয়ে ভয়তে জৰুৰীকালীন দুৱাৰেৰে ওলাই যাবলৈ আৰম্ভ কৰে । ঘটনাস্থলীত পৰিস্থিতি বিষম দেখি বিমানৰ কৰ্মচাৰীসকলে সকলো যাত্ৰীক এজন এজনকৈ উলিয়াই পঠিয়ায় ৷

দিল্লী অগ্নিনিৰ্বাপক সেৱাৰ মতে, পুৱা 5.35 বজাত দিল্লীৰ পৰা বাৰাণসীলৈ যোৱা ইণ্ডিগ’ৰ বিমানত বোমাৰ ভাবুকি পোৱা গৈছিল । লগে লগে দ্ৰুত সঁহাৰি দল এটা ঘটনাস্থলীত উপস্থিত হৈছিল । তেওঁলোকে সকলো যাত্ৰীক বিমানখনৰ জৰুৰীকালীন দুৱাৰেৰে উলিয়াই লৈ আনে ৷

ইফালে, কিছুমান যাত্ৰী ভয় খাই বিমানখনৰ পৰা জঁপিয়াবলৈ আৰম্ভ কৰে । সম্প্ৰতি সকলো যাত্ৰী সুৰক্ষিত । ইতিমধ্যে বিমানখন পৰিদৰ্শন কৰিবলৈ বিমান বন্দৰৰ এটা খালী স্থানলৈ লৈ যোৱা হৈছিল ৷

চি আই এছ এফৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে দিল্লী বিমানবন্দৰৰ দিল্লীৰ পৰা বাৰাণসীলৈ যোৱা ইণ্ডিগ’ বিমান 6E2211 ৰ শৌচালয়ত এখন টিচ্যু পেপাৰত 'বোমা' বুলি লিখা এটা শব্দ দেখা গৈছিল ৷ তাৰ পিচতেই নিৰাপত্তা সংস্থাসমূহে পেপাৰখন পৰীক্ষা কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত ভুৱা হিচাপে পৰিগণিত হৈছিল ।

লগতে পঢ়ক:দিল্লীৰ মেট্ৰ' ষ্টেচনত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই ? - Delhi metro station fire

ABOUT THE AUTHOR

...view details