অসম

assam

ETV Bharat / bharat

অৱশেষত মুখ্যমন্ত্ৰী ছোৰেনৰ সমষ্টিত বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী - JHARKHAND ASSEMBLY ELECTION 2024

Jharkhand BJP: ঝাৰখণ্ড বিজেপিয়ে সোমবাৰে বাকী থকা দুখন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । গামলিয়েল হেমব্ৰ'ম হ'ব বৰহাইটৰ প্ৰাৰ্থী ।

Jharkhand BJP
অৱশেষত মুখ্যমন্ত্ৰী ছোৰেনৰ সমষ্টিত বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী (ANI)

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 12:46 PM IST

ৰাঁচী :অহা ১৩ নৱেম্বৰৰ পৰা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি প্ৰচাৰত ব্যস্ত হৈ পৰিছে । ভাৰতীয় জনতা পাৰ্টীয়েও শনিবাৰে আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয় তথা অন্তিমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ।

বিজেপিয়ে এই তালিকাত দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । এই দুখন আসন হৈছে বৰহাইট আৰু টুণ্ডি । ইয়াৰ লগে লগে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ প্ৰক্ৰিয়াও সমাপ্ত হয় ।

দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা

ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয় তথা চূড়ান্ত তালিকাত দুখন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । বিজেপিয়ে এতিয়ালৈ ৬৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । সোমবাৰে ঘোষণা কৰা প্ৰাৰ্থী দুগৰাকী হৈছে বৰহাইট সমষ্টিৰ পৰা গামলিয়েল হেমব্ৰ'ম আৰু টুণ্ডিৰ পৰা বিকাশ কুমাৰ মাহাতো ।

উল্লেখ্য যে, সন্থালৰ বৰহাইট আসনখন ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধানসভা আসনসমূহৰ ভিতৰত অন্যতম । কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে এই সমষ্টিৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । অধিক জল্পনা-কল্পনা আৰু অপেক্ষাৰ অন্তত বিজেপিয়ে অৱশেষত হেমন্ত ছোৰেনৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰে । দলটোৱে বৰহাইটৰ পৰা গামলিয়েল হেমব্ৰ'মক প্ৰাৰ্থিত্ব প্ৰদান কৰি উমৈহতীয়া কৰ্মীক এক সুযোগ দিছে ।

হেমন্ত ছোৰেনৰ বিৰুদ্ধে গামলিয়েল হেমব্ৰ'ম

মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বৰহাইট সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ বিজেপিৰ ভিতৰচ'ৰাত যথেষ্ট জল্পনা-কল্পনা আৰু কৌতূহল আছিল । অৱশ্যে দলে অৱশেষত গামলিয়েল হেমব্ৰ'মৰ দৰে অতি সাধাৰণ আৰু জনতাৰ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিয়ে ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । প্ৰথম তালিকাত দলটোৱে ৬৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ।

লগতে পঢ়ক :কেৰালাৰ উপ-নিৰ্বাচনৰ গুৰু দায়িত্ব এগৰাকী অসমসন্তানৰ ওপৰত

ABOUT THE AUTHOR

...view details