অসম

assam

ETV Bharat / bharat

বিষাক্ত সুৰা সেৱন কৰি বিহাৰত ২৭ গৰাকী লোকৰ মৃত্যু

Hooch tragedy: বিহাৰৰ ছিৱান আৰু চাৰণ জিলাত বিষাক্ত সুৰা সেৱন কৰি কেইবাগৰাকী লোকৰ মৃত্যু । সংকটজনক অৱস্থাত বহু লোক ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Hooch tragedy
বিষাক্ত সুৰা সেৱন কৰি বিহাৰত ২৭ গৰাকী লোকৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক,১৭ অক্টোবৰ : বিহাৰত বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ ২৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । বুধবাৰে ছিৱান আৰু চাৰণ জিলাত সুৰা সেৱন কৰাৰ পাছতে কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । প্ৰশাসনে ছিৱানত ৪ গৰাকী আৰু চাৰণৰ ছপ্ৰা চহৰত দুগৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে যদিও সূত্ৰৰ মতে যোৱা ২৪ ঘণ্টাত দুয়োখন জিলাত প্ৰায় ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । সূত্ৰৰ মতে বিষাক্ত সুৰা সেৱন কৰা প্ৰায় ৪৯ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁলোকৰ বহুতৰ অৱস্থা সংকটজনক । অৱশ্যে প্ৰশাসনে মৃত আৰু চিকিৎসাধীন লোকসকলৰ পৰিচয় এতিয়ালৈ প্ৰকাশ কৰা নাই ।

চিকিৎসালয় প্ৰশাসনৰ মতে, ছিৱানত ২৯ গৰাকী আৰু চাৰণত ১০ গৰাকী লোকৰ অৱস্থা সংকটজনক । একে সময়তে চাৰণৰ এজন আৰু ছিৱানৰ ৪ জনক সংকটজনক অৱস্থাত পাটনাৰ পিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ।

সুৰা ট্ৰেজেডীৰ তদন্ত প্ৰক্ৰিয়া

ইফালে চাৰণ প্ৰশাসনে গোচৰটোৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল গঠন কৰিছে । চাৰণৰ জিলা উপায়ুক্ত অমন সমীৰে কয় যে তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে । আৰক্ষীয়ে এতিয়ালৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে । উপায়ুক্তই কয়,"মৃতকৰ চিনাক্তকৰণ আৰু গোচৰটোৰ তদন্ত চলি আছে । এতিয়ালৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ঘটনাৰ তদন্তৰ বাবে এটা এছআইটি দল গঠন কৰা হৈছে ।"

ইফালে, ঘটনাটোৰ পাছতে জিলা প্ৰশাসনে মাঘৰ আৰু অৰিয়া পঞ্চায়তৰ দুই চকীদাৰক নিলম্বন কৰিছে । উপায়ুক্তৰ মতে স্থানীয় আৰক্ষী থানাৰ বিষয়াসকলৰ বিৰুদ্ধেও বিভাগীয় ব্যৱস্থা লোৱা হ'ব । ২০১৬ চনৰ এপ্ৰিলত নীতিশ কুমাৰ চৰকাৰে বিহাৰত সুৰাৰ বিক্ৰী আৰু সেৱন নিষিদ্ধ কৰিছিল । বিহাৰ চৰকাৰে শেহতীয়াকৈ স্বীকাৰ কৰিছে যে ২০১৬ চনৰ এপ্ৰিলত ৰাজ্যখনত নিষিদ্ধ কৰাৰ পাছতো বিষাক্ত সুৰা সেৱনৰ ফলত ১৫০ৰো অধিক লোকৰ মৃত্যু হৈছে ।

বিৰোধীৰ সমালোচনা

এই ঘটনাৰ পিছতে বিহাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ । বিৰোধী আৰজেডিয়ে নীতিশ কুমাৰ চৰকাৰক প্ৰশ্ন কৰিছে যে ৰাজ্যখনত নিষিদ্ধ হৈ থকাৰ পাছতো কেনেকৈ সুৰা উপলব্ধ হৈ আছে ।

আৰজেডিৰ নেতা মৃত্যুঞ্জয় তিৱাৰীয়ে চৰকাৰক সমালোচনা কৰি কয়, "বিষাক্ত সুৰা সেৱন কৰি মানুহে প্ৰাণ হেৰুৱাইছে । এইটো অতি দুখজনক আৰু চিন্তাৰ বিষয় যে বিহাৰত সুৰা নিষিদ্ধকৰণ আইন বলবৎ থকা স্বত্বেও, সুৰা উপলব্ধ । হোলী আৰু দেৱালীৰ সময়ত প্ৰতিবাৰেই বিষাক্ত সুৰাৰ ফলত মানুহৰ মৃত্যু কেনেদৰে হয় । ইয়াৰ বাবে এন ডি এ চৰকাৰ পোনপটীয়াকৈ দায়বদ্ধ । সুৰা মাফিয়াসকলে চৰকাৰৰ সুৰক্ষা লাভ কৰে । এন ডি এ চৰকাৰ এই বিষয়ক লৈ চিন্তিত নহয় ।"

লগতে পঢ়ক :ডিপথেৰিয়াৰ প্ৰাদুৰ্ভাৱত ৭ শিশুৱে প্ৰাণ হেৰুওৱাৰ পিচত ৰাজস্থানত বিশ্ব স্বাস্থ্য সংস্থাৰ দল

ABOUT THE AUTHOR

...view details