নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ : ভাৰতকৰ পশ্চিম উপকূলৰ ৰাজ্য গুজৰাট ৷ সেই গুজৰাটৰে এখন জিলা হৈছে কচ্ছ জিলা ৷ এই কচ্ছ অঞ্চল ‘‘শুষ্ক ৰাজ্য’’ বুলি জনাজাত । কাৰণ কচ্ছৰ ভৌগোলিক বৈশিষ্ট্যবোৰ আন ঠাইতকৈ পৃথক । এফালে যদি পাহাৰ আছে, আনফালে আছে কচ্ছৰ নিমখযুক্ত মৰুভূমি । আছে পানীৰ উৎসও ।
কিন্তু এইবোৰৰ লগতে কচ্ছত পোৱা যায় এবিধ বিশেষ জীৱৰ আছে নিজৰ এক সুনাম ৷ যি আচলতে এবিধ ম’হ ৷ যাক কোৱা হয় বন্নি ম'হ ৷ আৰু যি যথেষ্ট বিখ্যাতও ।
- বন্নি ম'হৰ আছে যথেষ্ট চাহিদা
চাহিদা থকাৰ বাবে এই বন্নি ম'হবোৰৰ মূল্য লাখৰ ঘৰত হয় । গুজৰাটৰ বিভিন্ন জিলাত এই ম'হবোৰৰ চাহিদা আছে । ই এনে পৰিস্থিতিত বাস কৰে, য'ত পানীৰ অভাৱ । বন্নি ম’হৰ চাহিদাৰ কথা এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে শেহতীয়াকৈ কচ্ছৰ এটা বন্নি ম’হে বিক্ৰীৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। তথ্য অনুসৰি, 'ওধান' নামৰ এই ম'হটো 7 লাখতকৈও অধিক মূল্যত বিক্ৰী হৈছে ।
লগতে পঢ়ক :নৰখাদকৰ ত্ৰাস : মাতৃৰ বোকোচাতো সুৰক্ষিত নহয় শিশু - Man Animal conflict
- 7 লাখতকৈ অধিক টকাত বিক্ৰী হ’ল ম'হ