নেশ্যনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : বুধবাৰে নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদ । বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক ভাৰত ভ্ৰমণৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণত আদৰণি জনোৱা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱালে X যোগে সদৰী কৰিছে এই তথ্য ।
এই ভ্ৰমণে ভাৰত আৰু বাংলাদেশৰ মাজত শক্তিশালী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে । লগতে তেওঁ কয়, ‘‘বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত মাহমুদে ভাৰত ভ্ৰমণ কৰিছে’’ ৷
ঐতিহাসিক বিজয়ৰ পিচত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন চৰকাৰৰ শপত গ্ৰহণ কৰাৰ পিচত মাহমুদৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘মাহমুদৰ ভাৰত ভ্ৰমণৰ ফলত দুয়োখন দেশে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব আৰু অগ্ৰাধিকাৰ দিয়া প্ৰতিফলিত হৈছে’’ ।
৭-৯ ফেব্ৰুৱাৰীৰ দেশ ভ্ৰমণৰ সময়ত বাংলাদেশৰ মন্ত্ৰী হাছান মাহমুদে জয়শংকৰক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হ’ব ৷ য’ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পৰিসৰৰ অগ্ৰগতি পৰ্যালোচনা কৰিব আৰু ভৱিষ্যতে যোগাযোগৰ বাবে এক কাৰ্যসূচী ৰচনা কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উমৈহতীয়া স্বাৰ্থৰ উপ-আঞ্চলিক, আঞ্চলিক আৰু বহুপক্ষীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে ।