আগৰতলা: সোমবাৰে আগৰতলাত সোঁপন্থী কৰ্মীৰ এটা দলে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি সৃষ্টি কৰিছিল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্য়ে সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ পাছতে চাৰিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিলেও নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় ।
আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই মঙলবাৰে নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি সকলো ভিছা আৰু কনচুলাৰ সেৱা সাময়িকভাৱে স্থগিত ৰাখিছে । মঙলবাৰে জাৰি কৰা এক চৰকাৰী জাননীত সহকাৰী উচ্চায়ুক্তৰ প্ৰথম সচিব মোঃ আল আমিনে ঘোষণা কৰে যে পৰৱৰ্তী জাননী নোপোৱালৈকে এই সিদ্ধান্ত কাৰ্যকৰী হৈ থাকিব ।
এই জাননীখনত সহকাৰী উচ্চায়ুক্তৰ প্ৰথম সচিব মোঃ আল আমিনে কয়,"নিৰাপত্তা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই আগৰতলাত সকলো ভিছা আৰু কনচুলাৰ সেৱা পৰৱৰ্তী জাননী নোপোৱালৈকে স্থগিত ৰখা হ'ব । " এয়া সকলো ভিছা আৰু কনচুলাৰ সেৱা প্ৰাৰ্থীৰ তথ্যৰ বাবে প্ৰযোজ্য় বুলি জাননীখনত উল্লেখ কৰা হৈছে ।