নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী :অযোধ্যাত ৰামলালাৰ অভিষেকৰ বাবে সোমবাৰটো আছিল এক ঐতিহাসিক দিন । এই দিনটোতে ৰাজস্থানৰ ঢোলপুৰ জিলা চিকিৎসালয়ৰ মাতৃ আৰু শিশু প্ৰতিষ্ঠানত ২৬ টা প্ৰসৱ কৰা হয় ৷ ইয়াত ১৪ টা ল’ৰা আৰু ১২ জনী ছোৱালী শিশুৰ জন্ম হয় ৷
উক্ত দিনটোত জন্মলাভ কৰা বেছিভাগ ল’ৰা-ছোৱালীৰ নাম ৰাম আৰু সীতা ৰাখে পৰিয়ালৰ লোকে । অতি উলহ-মালহেৰে অযোধ্যাত ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ হেতুকে জিলা চিকিৎসালয়খনতো এক ভক্তিৰ পৰিৱেশে বিৰাজ কৰে উক্ত দিনটোত । আনকি হাস্পতালৰ চিকিৎসক আৰু ৰোগীয়ে এজনে আনজনক মিঠাই খুৱাই এই ঐতিহাসিক দিনটো আনন্দ-স্ফূতিৰ মাজেৰে পাৰ কৰে ।
হাস্পতালখনৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ৰিচা সিঙে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে সোমবাৰে অযোধ্যাত ৰামলালৰ অভিষেক কৰা হয় ৷ যাৰ বাবে জিলা চিকিৎসালয়খনতো এক ভক্তিভাৱৰ পৰিৱেশে বিৰাজ কৰে । সোমবাৰৰ দিনটোতে ২৬ গৰাকী প্ৰসূতিক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷