অসম

assam

দিল্লীৰ মুখ্যমন্ত্রী হিচাপে আতিশীৰ শপতগ্ৰহণ - Atishi takes oath as delhi cm

By ETV Bharat Assamese Team

Published : 5 hours ago

Atishi Delhi New CM: দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ আতিশীৰ । আতিশীৰ লগতে তেওঁৰ কেবিনেট মন্ত্ৰী হিচাপে পাঁচজন মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে । উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ৰাজ নিৱাসত সকলোকে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ।

Atishi takes oath as delhi cm
দিল্লীৰ মুখ্যমন্ত্রী হিচাপে আতিশীৰ শপতগ্ৰহণ (Etv Bharat)

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ: আম আদমী পাৰ্টিৰ নেত্ৰী তথা চৰকাৰৰ অধিকাংশ বিভাগৰ দায়িত্ব লোৱা আতিশীয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই ৰাজনিবাসত আতিশীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় । আতিশীৰ লগতে ৰাষ্ট্ৰপতিৰ অনুমোদিত ৫ গৰাকী বিধায়ক ক্ৰমে গোপাল ৰায়, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ, ইমৰাণ হুছেইন আৰু মুকেশ আহলাৱটেও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । তেনেই সাধাৰণভাৱে অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান । কেৱল দিল্লী চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়াসকলেহে এই শপতগ্ৰহণ অনুষ্ঠানত অংশ লয় ।

লগতে পঢ়ক:বিয়লি পদ এৰিব কেজৰিৱালে, দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আতিশী - ATISHI NEXT CM

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অতিশীৰ শপতগ্ৰহণ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছিল । লগতে অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ কথাও ৰাষ্ট্ৰপতিয়ে মানি লৈছিল । অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা যি পৰিস্থিতিত পদত্যাগ কৰিলে, সেই পৰিস্থিতিত দলীয় কৰ্মীসকল সন্তুষ্ট নহয় আৰু সেয়েহে আতিশী মুখ্যমন্ত্ৰী শপতগ্ৰহণৰ বাবে আম আদমী পাৰ্টিৰ পৰা কোনো উদযাপন কৰা হোৱা নাই ।

দিল্লীৰ মুখ্যমন্ত্রী হিচাপে আতিশীৰ শপতগ্ৰহণ (Etv Bharat)

ডেৰ বছৰত মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈছিল আতিশী : যোৱা বছৰ দিল্লী সুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা মনীষ ছিছোদিয়া আৰু ধন সৰবৰাহৰ গোচৰত তিহাৰ জেলত কাৰাবন্দী হোৱা সত্যেন্দৰ জৈনৰ পদত্যাগৰ পিছত অৰবিন্দ কেজৰিৱালে নিজৰ মন্ত্ৰীসভাত দুজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰিছিল । এই মন্ত্ৰী দুগৰাকী আছিল ক্ৰমে আতিশী আৰু সৌৰভ ভৰদ্বাজ । ২০২৩ চনৰ মাৰ্চ মাহত আতিশী মন্ত্ৰী হৈছিল । উপ-ৰাজ্যপালে তেওঁক ৰাজনিবাসতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাইছিল । ইয়াৰ পাছত আজি দ্বিতীয়বাৰৰ বাবে উপ-ৰাজ্যপালে আতিশীক মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱায় ।

লগতে পঢ়ক:চূড়ান্ত হ’ল অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী; আতিশী মাৰ্লেনাৰ ৰাজনৈতিক পৰিক্ৰমা - Delhi New CM Atishi

উদযাপন নকৰিবলৈ দলীয় কৰ্মীলৈ আহ্বান: আতিশী মুখ্যমন্ত্ৰী হ’ব বুলি যিদিনা সিদ্ধান্ত লোৱা হৈছিল আৰু তেওঁক বিধায়ক দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল, সেইদিনা আতিশীয়ে সকলো দলীয় কৰ্মী আৰু অন্যান্য লোকক তেওঁক মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন নিদিবলৈ আৰু মালা নিপিন্ধাবলৈ আহ্বান জনাইছিল । অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাত তেওঁ দুখী বুলি আতিশীয়ে উল্লেখ কৰিছিল ।

দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী আতিশী:আজি পূৰ্বনিৰ্ধাৰিত সময়ত সন্ধিয়া ৪:৩০ বজাত আতিশীয়ে মন্ত্ৰীসকলৰ সৈতে ৰাজনিবাসত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াৰ লগতে দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে আতিশী । পূৰ্বে কংগ্ৰেছৰ পৰা শীলা দীক্ষিত একেৰাহে ১৫ বছৰ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল । তেওঁৰ পূৰ্বে বিজেপিৰ প্ৰভাৱশালী নেত্ৰী সুষমা স্বৰাজ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল ।

লগতে পঢ়ক:কেজৰিৱালৰ পদত্যাগ; চৰকাৰ গঠনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰক আবেদন আতিশীৰ - Arvind Kejriwal resigns

সৰ্বাধিক বিভাগ থকা মুখ্যমন্ত্ৰী: মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনৰ সৰ্বাধিক পদবী থকা মন্ত্ৰী আছিল আতিশী । বৰ্তমান তেওঁ বিত্ত, ৰাজহ, পৰিকল্পনা, মহিলা আৰু শিশু উন্নয়ন, শিক্ষা, উচ্চ শিক্ষা, পৰ্যটন, কলা আৰু সংস্কৃতি আৰু ভাষা, লোকনিৰ্মাণ বিভাগ, বিদ্যুৎ, তথ্য আৰু জনসংযোগ বিভাগ, সেৱা আৰু সতৰ্কতা বিভাগৰ দায়িত্ব পালন কৰিছিল । মুখ্যমন্ত্ৰী হোৱাৰ পিছতো এই সকলোবোৰ বিভাগ তেওঁ নিজেই চম্ভালিব বুলি চৰ্চা চলিছে ।

নতুন মন্ত্ৰী মুকেশ আহলাৱটক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ অৰ্থ: মুখ্যমন্ত্ৰী আতিশীৰ মন্ত্ৰীসভাত যদিও সকলো মন্ত্ৰী পুৰণি, ইয়াত মুকেশ আহলাৱতৰ ৰূপত এটা নতুন নাম সংযোজন কৰা হৈছে । ইয়াৰ আঁৰত আম আদমী পাৰ্টিৰ কৌশলো স্পষ্টকৈ দেখা গৈছে । দলিতৰ বাবে সংৰক্ষিত আসনৰ পৰা কেবিনেটত সংযোজন হৈছে মুকেশ আহলাৱাট । ইয়াৰ জৰিয়তে আম আদমী পাৰ্টিয়ে দিল্লীৰ দলিত প্ৰধান বিধানসভাৰ আসনত নিজৰ ভোটবেংক সংৰক্ষণৰ চেষ্টা চলাইছে ।

লগতে পঢ়ক:২১ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আতিশীৰ - Aatishi Marlena

২৬-২৭ ছেপ্টেম্বৰত বিধানসভাৰ অধিৱেশন:নতুন মুখ্যমন্ত্ৰী হোৱাৰ পিছত আতিশীয়ে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব । ইয়াৰ বাবে ২৬-২৭ তাৰিখে বিধানসভাৰ অধিৱেশনৰ দিন নিৰ্ধাৰণ কৰা হৈছে । যিকোনো মূল্যৰ বিনিময়ত ৮ অক্টোবৰৰ পূৰ্বে দিল্লী বিধানসভাৰ অধিৱেশন আহ্বান কৰিব লাগিব । শেহতীয়াকৈ দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোৱেলে নতুন মুখ্যমন্ত্রীয়ে শপত লোৱাৰ পাছত যিকোনো সময়তে অধিৱেশন আহ্বান কৰিব পৰা যাব বুলি কৈছিল ৷ চৰকাৰে দুদিনৰ বাবে অধিৱেশন আহ্বান কৰাৰ পাছতো বিৰোধী বিজেপিয়ে আপত্তি ব্যক্ত কৰিছে । বিধানসভাৰ বিৰোধী দলপতি বিজেন্দ্ৰ গুপ্তাই শুকুৰবাৰে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি বিধানসভাৰ অধিৱেশন কমেও ৭ দিনৰ বাবে আহ্বান কৰাৰ লগতে তাত প্ৰশ্নকালো ৰখাৰ দাবী জনায় । যাতে দিল্লীবাসীৰ বিষয়বোৰ আলোচনা কৰিব পৰা যায় ।

লগতে পঢ়ক:দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব আতিশী মাৰ্লেনাই; আপৰ ঘোষণা - Atishi to Take Oath on Saturday

ABOUT THE AUTHOR

...view details