অসম

assam

আজি স্বদেশত উপস্থিত হ'ব পুত্ৰসহ নগাঁৱৰ ৱাহিদা; পাকিস্তানত বন্দী আন তিনিগৰাকী ভাৰতীয়কো মুক্তি - Wahida Begum return from Pakistan

By ETV Bharat Assamese Team

Published : May 29, 2024, 1:35 PM IST

Assam's Wahida Begum to Return From Pakistan : অধিবক্তা সন্তোষ কুমাৰ সুমনৰ প্ৰচেষ্টাৰ তথা চৰকাৰী হস্তক্ষেপৰ ফলত ৱাহিদা বেগম, তেওঁৰ পুত্ৰ ফৈজ খান আৰু আন তিনিগৰাকী ভাৰতীয় বন্দীক পাকিস্তানৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । তেওঁলোক বুধবাৰে স্বদেশত উপস্থিত হ'বলৈ সাজু হৈছে ।

Assam's Wahida Begum to Return From Pakistan
ৱাঘা সীমান্তত বিএছএফ জোৱান (ANI Photo)

নিউজ ডেস্ক, ২৯ মে' :এক গুৰুত্বপূৰ্ণ কূটনৈতিক ঘটনাক্ৰমত পাকিস্তানে বুধবাৰে ৱাঘা সীমান্তৰ জৰিয়তে পাঁচ ভাৰতীয় বন্দীক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ ।

উল্লেখ্য যে এই পাঁচগৰাকী বন্দীৰ ভিতৰত আছে অসমৰ ৱাহিদা বেগম আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ ফৈজ খান । নগাঁৱৰ বাসিন্দা এই দুগৰাকী মাতৃ-পুত্ৰক ২০২২ চনৰ নৱেম্বৰত পাকিস্তানৰ কোৱেটা কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল । অৱশ্যে কোনো পাছপোৰ্ট আৰু ভিছা অবিহনে তেওঁলোকে কেনেকৈ আফগানিস্তান-পাকিস্তান সীমান্তৰ ওচৰত অৱস্থিত কোৱেটাত উপস্থিত হৈছিল সেয়া এতিয়াও অস্পষ্ট হৈ আছে ।

সূত্ৰ অনুসৰি, তেওঁলোকক আটক কৰা বুলি প্ৰাৰম্ভিক জাননী নগাঁৱৰ ৱাহিদাৰ পৰিয়াললৈ আহিছিল এটা ফোন কলৰ জৰিয়তে । তাৰ পিচত পাকিস্তানৰ এখন আদালতৰ পৰা আইনী জাননী প্ৰদান কৰা হয় । এই জাননীত তেওঁলোকক ভ্ৰমণৰ সঠিক নথিপত্ৰ নথকাৰ বাবে আটক কৰা বুলি কোৱা হৈছিল । আনহাতে, অধিবক্তা সন্তোষ কুমাৰ সুমনৰ প্ৰচেষ্টাৰ লগতে পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে এই মুক্তিৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত সুমনে কয়, "ৱাহিদাক ২০২২ চনৰ নৱেম্বৰত অসমৰ পৰা অপহৰণ কৰা হৈছিল আৰু পাকিস্তানৰ কাৰাগাৰত পোৱা গৈছিল । তাৰ পিচত পাকিস্তানৰ এখন আদালতৰ পৰা আইনী জাননী দিয়া হৈছিল যে সঠিক ভ্ৰমণ নথিপত্ৰৰ অভাৱৰ বাবে তেওঁলোকক আটক কৰা হৈছে । কিন্তু ৱাহিদাৰ পৰিয়ালে নগাঁও জিলা আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা হাতত লোৱা নাছিল ।"

"প্ৰথমতে ৱাহিদাৰ পৰিয়ালে মোৰ কাষ চাপে আৰু সেই অনুসৰি মই দিল্লী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰোঁ । কিন্তু গোচৰটোৰ অধিকাৰ ক্ষেত্ৰৰ বিষয়ৰ বাবে গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ নিৰ্দেশ দিয়ে । কিন্তু প্ৰশ্নটো হ'ল যে মহিলাগৰাকীক কেনেকৈ ভাৰতৰ পৰা অপহৰণ কৰা হৈছিল আৰু চৰকাৰৰ অজ্ঞাতে পাকিস্তানত পোৱা গৈছিল । ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে কি কৰিছিল ?" সুমনে প্ৰশ্ন কৰে ।

তেওঁ পুনৰ কয়, "অৱশেষত উচ্চতম ন্যায়ালয়ে আমাক গৃহ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক লেখ আবেদনৰ এটা প্ৰতিলিপি প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে । তাৰ পিচত ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা অনুষ্ঠিত হয় । পৰৱৰ্তী সময়ত পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে এখন পত্ৰ প্ৰেৰণ কৰি নিশ্চিত কৰে যে ইছলামাবাদে ২৯ মে'ত ৱাঘা সীমান্তৰ জৰিয়তে আন ভাৰতীয় বন্দীসকলৰ সৈতে ৱাহিদাক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ।"

"পাকিস্তান চৰকাৰে ২৯-০৫-২০২৪ তাৰিখে লাহোৰৰ ৱাঘা সীমান্তৰ জৰিয়তে পাঁচগৰাকী ভাৰতীয় বন্দীক মুক্তি/স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে । এইটো অনুৰোধ কৰা হৈছে যে সংশ্লিষ্ট কাৰাগাৰৰ পৰা লাহোৰৰ ৱাঘা সীমান্তলৈ বন্দীসকলক উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰে পৰিবহণ কৰিব লাগে যাতে তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে ।" পত্ৰখনত কোৱা হৈছে ।

উল্লেখ্য যে ৱাহিদা আৰু তেওঁৰ পুত্ৰ ফৈজ খানৰ উপৰি আন তিনিগৰাকী ভাৰতীয় বন্দীকো ৱাঘা সীমান্তত ভাৰতক হস্তান্তৰ কৰা হ'ব । বন্দীসকলৰ ভিতৰত আছে লাহোৰ কাৰাগাৰত বন্দী হৈ থকা সূৰয পাল আৰু ৰমেশ আৰু কৰাচীৰ মালিৰ কাৰাগাৰত বন্দী হৈ থকা ছবিৰ আহমেদ দাৰ ।

লগতে পঢ়ক :কেনেকৈ পাকিস্তনৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম? - WAHIDA BEGUM

পাকিস্তানৰ কাৰাগাৰত ভাৰতীয় নাৱিকৰ মৃত্যু: এতিয়াও কাৰাচীতে আছে মৃতদেহ - Indian Sailor Dies In Pakistan Jail

ABOUT THE AUTHOR

...view details