ৰাঁচী :ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাকযুদ্ধই ইতিমধ্যে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে । এই দুয়োগৰাকী নেতাই ইণ্ডিয়া ব্লক আৰু এন ডি এ মিত্ৰজোঁটৰ হৈ সন্মুখৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ।
এতিয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচন সমাপ্ত হৈছে আৰু হেমন্ত ছোৰেণে নিৰ্বাচনত জয়ী হৈছে আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে । লগে লগে দুয়োগৰাকী নেতাৰ মাজত পুনৰ এই যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । অৱশ্যে এইবাৰ এই বাকযুদ্ধৰ কাৰণ হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে লোৱা এক সিদ্ধান্ত ।
- অসমলৈ ঝাৰখণ্ডৰ প্ৰতিনিধি দল
উল্লেখ্য যে ২৮ নৱেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে হেমন্ত ছোৰেণে কেবিনেট বৈঠকত কিছু সিদ্ধান্ত লৈছিল । এই সিদ্ধান্তৰ ভিতৰত অসমৰ চাহ বাগিচাত কাম কৰা ঝাৰখণ্ডৰ জনজাতীয় লোকসকলৰ সৈতে সম্পৰ্কিত সিদ্ধান্তও আছিল ।
মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কৈছিল যে বহু বছৰ পূৰ্বে অসমৰ চাহ বাগিচাত বসতি স্থাপন কৰা ঝাৰখণ্ড মূলৰ জনজাতীয় লোকসকলৰ অৱস্থা জানিবলৈ এটা সৰ্বদলীয় প্ৰতিনিধি দল আৰু জ্যেষ্ঠ বিষয়াই অসম ভ্ৰমণ কৰিব । নিৰ্বাচনৰ সময়তো হেমন্ত ছোৰেণে এই বিষয়টো উত্থাপন কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এই সন্দৰ্ভত এখন পত্ৰও লিখিছিল ।
- অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডলৈও প্ৰেৰণ কৰিব দল