নিউজ ডেস্ক, ১৯ জুলাই :আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সঘনাই ঝাৰখণ্ড ভ্ৰমণ কৰি আছে । তেওঁক ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে দলৰ সহ-প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে । ইফালে তেওঁৰ প্ৰটোকল ব্যয়ৰ কথা উল্লেখ কৰি ঝাৰখণ্ড মুক্তি মৰ্চাই তোলা এক প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে নিজেই কৈছিল যে দলৰ নতুন দায়িত্বৰ বাবে তেওঁ বাৰে বাৰে ঝাৰখণ্ড ভ্ৰমণ কৰিব লাগিব । সেয়েহে তেওঁৰ নিৰাপত্তাৰ বাবে হ'বলগা সকলো খৰচ অসম চৰকাৰে বহন কৰিব । তেওঁ এই ঘোষণা কৰাৰ পিচদিনাই অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অজয় কুমাৰ সিঙলৈ এখন পত্ৰ লিখি সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰে ।
এ ডি জি পি হীৰেন নাথে পত্ৰখনত লিখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰণালয়ৰ পৰা জেড-প্লাছ শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিছে । তেওঁ দেশৰ য'লৈকে যায়, তেওঁক এই সুৰক্ষা প্ৰদান কৰিব লাগিব । যিহেতু দলে তেওঁক বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিছে, সেয়ে তেওঁ ঝাৰখণ্ড ভ্ৰমণ অব্যাহত ৰাখিব । এনে পৰিস্থিতিত তেওঁৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা প্ৰয়োজন । অসমৰ এ ডি জি পিয়ে ঝাৰখণ্ডৰ ডি জি পিলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত যিমান পৰিমাণৰ ধন খৰচ হ'বলগা আছে, তাৰ সকলো বিল প্ৰেৰণ কৰিব লাগে । ইয়াৰ পৰিশোধ অসম চৰকাৰে কৰিব ।