তেজপুৰ, ৪ জুলাই :অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত সংঘটিত হৈছে শতাধিক ভূমিস্খলনৰ ঘটনা । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহুতো পথত যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে । আনহাতে, যোৱা শনিবাৰৰ পৰা গেলিং সীমান্তলৈ যোৱা টুটিং ইয়িংকিয়ং সংযোগী পথ ছয় দিন ধৰি বন্ধ হৈ পৰাত যাতায়াতত ব্যাঘাত জন্মিছে । ইফালে আন দুঠাইত হোৱা ভূমিস্খলনৰ ফলতো পথ যোগাযোগ বন্ধ হৈ পৰিছে ।
ইয়িংকিয়ঙৰ পৰা পাচিঘাট সংযোগী পথত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত উক্ত পথটো যাতায়াতৰ বাবে বন্ধ হৈ আছে । স্থানীয় লোকৰ মতে, পথটোৰে কোনো ধৰণৰ যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পৰা নাই । উল্লেখ্য যে টুটিং অঞ্চলৰ পৰা সীমান্তলৈ যোৱা এই পথটো যাতায়াতৰ বাবে অতি গুৰুত্বপূৰ্ণ । ফলত সুৰক্ষা বাহিনীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে ৰছদ-পাতি যোগান বিগত ৬ দিন ধৰি বন্ধ হৈ আছে ।
টুটিঙৰ স্থানীয় ব্যক্তি নৰবো চেৰিঙে ইটিভি ভাৰতক জনায় যে টুটিঙৰ পৰা গেলিঙৰ অন্তিম সীমান্তলৈকে ৩৪ কিলোমিটাৰ দূৰত্বৰ এই পথটো বন্ধ হৈ থকাৰ ফলত সেনাবাহিনীৰ যান-বাহনৰ চলাচলো দেখা পোৱা নাই । আনহাতে, টুটিং অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত বুধবাৰেও যথেষ্ট পৰিমাণে বৰষুণ হয় ।
ইয়াৰ উপৰি ইটানগৰৰো কেইবাটাও পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে । পাকে কিচাং, ছাগালী, চাঙলাং, চিয়াং, চেপা আৰু বিভিন্ন ঠাইত এতিয়া ভয়াৱহ ভূমিস্খলনৰ পিচত বৰ্তমান পথ মেৰামতিৰ কাম আৰম্ভ হৈছে । পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ টিপিত ভয়ঙ্কৰ ভূমিস্খলনৰ ফলত বিগত তিনিদিন ধৰি বন্ধ হৈ থকা একমাত্ৰ পথটো মঙলবাৰে সীমান্ত পথ সংস্থাই মুকলি কৰে ।