অসম

assam

ডোডাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত দুজন সেনা জোৱান; ৰাজৌৰীত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ গুলীচালনা - Operation against militants

By ANI

Published : Jul 18, 2024, 1:29 PM IST

Encounter With Terrorists: সন্ত্ৰাসবাদীৰ আক্ৰমণত অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ ৷ কেইদিনমান পূৰ্বে ডোডাত চাৰিজন সেনা জোৱান নিহত হোৱাৰ পিচত বৃহস্পতিবাৰে পুনৰ দুজন জোৱান আহত হয় ৷ ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপতো সেনাৰ গুলীচালনা ৷

OPERATION AGAINST MILITANTS
Encounter With Terrorists (ANI)

নিউজ ডেস্ক, 18 জুলাই:জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ সুন্দৰবাণী অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বৃহস্পতিবাৰে ভাৰতীয় সেনাই গুলীচালনা কৰে । নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহজনক গতি-বিধি লক্ষ্য কৰি এই গুলীচালনা কৰা হয় বুলি প্ৰাৰম্ভিক তথ্যত জানিব পৰা গৈছে যদিও, বৰ্তমানলৈকে সবিশেষ তথ্য আহি পৰা নাই ৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত ব্যাপক সংঘৰ্ষ হোৱা দেখা গৈছে ৷

বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ কাষ্টিগড় অঞ্চলৰ জদ্দন বাটা গাঁৱত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ গুলীচালনা হয় । তালাচী অভিযানৰ অংশ হিচাপে চৰকাৰী বিদ্যালয় এখনত স্থাপন কৰা অস্থায়ী নিৰাপত্তা শিবিৰক লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদীয়ে ।

(null)

এঘণ্টাৰো অধিক সময় ধৰি চলা গুলীয়াগুলীৰ ফলত দুজন জোৱান সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় । বৰ্তমান উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰি পৰিস্থিতি সুস্থিৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে । বিষয়াসকলৰ মতে, পুৱা প্ৰায় 2 বজাৰ পৰাই এই সংঘৰ্ষ আৰম্ভ হয় । ডোডাৰ কাষ্টিগড়ৰ সংঘৰ্ষস্থলীত উপস্থিত হৈছে আৰক্ষী উপ-মহাপৰিদৰ্শক (ৰামবন-ডোডা ৰেঞ্জ) শ্ৰীধৰ পাটিল ।

সাংবাদিকৰ আগত ডিআইজি শ্ৰীধৰ পাটিলে কয় যে, "এটা অভিযান চলি আছে । আমাৰ অভিযান চলি থকাৰ বাবে মই বিশেষ তথ্য শ্বেয়াৰ কৰিব নোৱাৰো আৰু আমি অতি সোনকালে সফল হ'ম ।" মঙলবাৰে ডোডা এনকাউণ্টাৰত সন্ত্ৰাসবাদীৰ সৈতে যুঁজি থকা অৱস্থাত এজন বিষয়াকে ধৰি চাৰিজন সেনা জোৱানে প্ৰাণ আহুতি দিয়াৰ কিছুদিন পিচতে এই এনকাউণ্টাৰ সংঘটিত হৈছে ।

যোৱা 15 জুলাইত নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ডোডাৰ উত্তৰ অঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলায় । হোৱাইট নাইট কৰ্পছৰ মতে, নিশা প্ৰায় 9 বজাত সন্ত্ৰাসবাদীৰ সৈতে অভিযানকাৰী দলৰ মুখামুখি হয় আৰু সেই সময়তে তীব্ৰ গুলীচালনা আৰম্ভ হয় ।

উক্ত অভিযানত এজন বিষয়াসহ 4 জন সেনা জোৱান ছহিদ হয় । সংঘৰ্ষত ছহিদ হোৱা জোৱান কেইজন হৈছে কেপ্তেইন ব্রিজেশ থাপা, নায়ক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ, চিপাহী অজয় । 16 জুলাইত উত্তৰ সেনাৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া সাহসী কেপ্তেইন ব্রিজেশ থাপা, নাইক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ আৰু চিপাহী অজয় ​​কুমাৰ সিঙক শ্ৰদ্ধাঞ্জলি জনাই মাল্যাৰ্পণ কৰে ৷

যোৱা কেইমাহমানৰ পৰা জম্মু অঞ্চলৰ কঠুৱাত সেনাৰ কনভয়ত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু ডোডা আৰু উধামপুৰত হোৱা এনকাউণ্টাৰকে ধৰি সন্ত্ৰাসবাদী আক্ৰমণৰ হাৰ বৃদ্ধি পাইছে কাশ্মীৰ উপত্যকাত ।

লগতে পঢ়ক:লক্ষ্য প্ৰতিশোধ: চাৰি সেনা জোৱানৰ মৃত্যুৰ পিচত ডোডাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান নিৰাপত্তা বাহিনীৰ - Doda Encounter

ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান; গাডচিৰোলিত আৰক্ষীৰ গুলীত নিহত ১২ মাওবাদী - Maoists Neutralised

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত ছহিদ ২ জোৱান - STF jawans martyred in Chhattisgarh

ABOUT THE AUTHOR

...view details