নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী :কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষক সংগঠনসমূহৰ প্ৰতিবাদ অব্যাহত আছে । তাৰ মাজতে পাঞ্জাব-হাৰিয়ানা সীমান্তৰ পৰা আহিছে আন এক হতাশাজনক খবৰ । সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ মাজতে আন এগৰাকী কৃষকে সোমবাৰে নিশা প্ৰাণ হেৰুৱায় । খানৌৰী সীমান্তত কৃষকৰ আন্দোলনে ১৫ দিন অতিক্ৰম কৰাৰ সময়তে এগৰাকী ৫০ বছৰীয়া কৃষকৰ মৃত্যু হয় ।
মৃত কৃষকজনৰ নাম কাৰ্ণেল সিং বুলি জানিব পৰা গৈছে । তেওঁ পাটিয়ালাৰ ৰানো গাঁৱৰ বাসিন্দা আছিল । কৃষকসকলৰ মতে খানৌৰী সীমান্তত ধৰ্মঘট কৰি থকা নিহাল সিঙৰ পুত্ৰ ৫০ বছৰীয়া কৃষক কৰ্ণেল সিঙৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল । পিচত তেওঁক পাটিয়ালাৰ ৰজিন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় ।
ইয়াৰ পূৰ্বে কেইবাৰগৰাকী কৃষক নেতাৰ মৃত্যু হৈছে । হৃদৰোগত আক্ৰান্ত হৈও কৃষকৰ মৃত্যু হৈছে আৰু কৃষক আন্দোলনৰ সময়ত হাৰিয়ানা আৰক্ষীৰ সৈতে সংঘৰ্ষৰ ফলতো কৃষকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ পূৰ্বে ২৬ ফেব্ৰুৱাৰীত সংযুক্ত কিষাণ মৰ্চাই সমগ্ৰ দেশজুৰি ট্ৰেক্টৰ শোভাযাত্ৰা উলিয়াইছিল । আন্দোলনকাৰী সংগঠনবোৰে বিশ্ব বাণিজ্য সংস্থাৰ পুত্তলিকাও দাহ কৰিছে ।