নেশ্যনেল ডেস্ক,২০ জুলাই :ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অসমৰ ডিব্ৰুগড় জিলাৰ কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাব দে আৰু খাদুৰ চাহিব লোকসভাৰ সাংসদ অমৃতপাল সিঙে শুকুৰবাৰে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এন এছ এৰ অধীনত তেওঁৰ আটক কৰাক প্ৰত্যাহ্বান জনায় । ২০২৩ চনৰ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা সিঙে যুক্তি দিয়ে যে তেওঁৰ প্ৰতিৰোধমূলক আটক বেআইনী আৰু চৰম । খালিস্তান পন্থী সংগঠনটোৰ মুৰব্বী সিঙ আজনালা আৰক্ষী থানাৰ আক্ৰমণৰ ঘটনাৰ অভিযুক্ত ।
উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত এক উচটনিমূলক ভাষণৰ পিচত আটকৰ আদেশ জাৰি কৰা হৈছিল । ইফালে সিঙৰ আবেদনত দাবী কৰা হৈছে যে তেওঁক আটক কৰাটো সামাজিক মাধ্যমৰ পোষ্টৰ ওপৰত আধাৰিত আৰু পঞ্জাবৰ নিৰাপত্তাৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ নপৰে । তেওঁ দাবী কৰে যে অমৃতসৰৰ জিলা দণ্ডাধীশে আটকৰ আদেশ জাৰি কৰি কৰ্তৃত্ব অতিক্ৰম কৰিছিল যি কেৱল কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰেহে এনে কৰিব পাৰে ।
অধিবক্তা অমৰ জিৎ সিং আৰু জ্যেষ্ঠ অধিবক্তা আৰ এছ বেইন্সৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা সিঙে দৃঢ়তাৰে কয় যে তেওঁৰ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ উলংঘা কৰা হৈছে । তেওঁ যুক্তি দিয়ে যে তেওঁক আটক কৰাটোৱে তেওঁৰ সাংবিধানিক অধিকাৰ উলংঘন কৰিছে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনত পাঞ্জাৱৰ খাদুৰ চাহিব সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰা অমৃতপাল সিং মূলতঃ অমৃতসৰৰ জাল্লু খেদা গাঁৱৰ বাসিন্দা আৰু তেওঁ বৰ্তমান অসমৰ ডিব্ৰুগড় জিলাৰ কাৰাগাৰত বন্দী হৈ আছে । ২০২২ চনত পঞ্জাবী অভিনেতা দীপ সিদ্ধুৰ মৃত্যুৰ পিচত তেওঁ পঞ্জাবলৈ উভতি অহাৰ পূৰ্বে ডুবাইত বাস কৰিছিল । উভতি অহাৰ পিচত তেওঁ দীপ সিদ্ধুৰ খালিস্তান পন্থী সংগঠন ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী হয় ।
২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে আজনালা আৰক্ষী থানাত আক্ৰমণ কৰাৰ পিচত তেওঁক মোগাৰ ৰোড গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । পঞ্জাব আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত অমৃতপাল সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু তেওঁক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।