নিউজ ডেস্ক, ১২ এপ্ৰিল: বজাৰত হঠাৎ দাম বৃদ্ধি পালে কলপাতৰ । মাংগলিক কাৰ্যৰ পৰা আৰম্ভ কৰি খাদ্য গ্ৰহণলৈকে বিভিন্ন কাৰ্যত ব্যৱহাৰ হোৱা কলপাত কিনিবলৈ গৈ এতিয়া আপুনি মূৰে কপালে হাত দিব লাগিব । কিয়নো বজাৰত কলপাতৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে । একোখন কলপাত ১০ ৰ পৰা ১৩ টকা পৰ্যন্ত বিক্ৰী হৈছে বজাৰত ।
কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত অব্যাহত থকা পানীৰ সংকটৰ মাজতে এতিয়া মহানগৰবাসী কলপাতৰ নাটনিৰ সন্মুখীন হৈছে । বহু হোটেল আৰু ৰাজহুৱা স্থানত ষ্টীলৰ প্লেটৰ সলনি কলপাত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে । কলৰ পাতৰ চাহিদা বৃদ্ধিৰ লগে লগে ইয়াৰ ব্যাপক মূল্যবৃদ্ধি হৈছে । স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ৩ টকাতকৈও কম মূল্যত উপলব্ধ হোৱা এখন কলপাতৰ দাম এতিয়া ১৩ টকা হৈছেগৈ ।
মহানগৰীখনত পানীৰ নাটনিৰ বাবে পানীৰ দাম আকাশলংঘী হৈছে । পানী ব্যৱহাৰৰ বিকল্প হিচাপে মানুহে ডিচপ’জেবল প্লেট আৰু কাপৰ ব্যৱহাৰ আৰম্ভ কৰিছে । ইফালে, আজিকালি কলপাতক অস্থায়ী প্লেট হিচাপে ব্যৱহাৰ কৰাৰ লগতে পৰম্পৰাগত খাদ্য পৰিৱেশনৰ শৈলী হিচাপে আহাৰ গ্ৰহণৰ বাবে ব্যৱহাৰ কৰাত মহানগৰীত দিনক দিনে বাঢ়িছে কলপাতৰ চাহিদা । ইয়াৰ উপৰিও কলপাতৰ যোগান কমি অহাটোও চিন্তাৰ কাৰণ ।