নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী :কাশ্মীৰ উপত্যকাত শনিবাৰে নিশাৰে পৰা পুনৰ তুষাৰপাত হোৱা দেখা গৈছে । ফলস্বৰূপে বিমান পৰিচালনাত সমস্যাৰ সৃষ্টি হৈছে । শ্ৰীনগৰৰ পৰা বিমানৰ উৰণত বাধা আহিছে । এনে পৰিস্থিতিত শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেওবাৰে সকলো বিমান বাতিল কৰা হৈছে । শ্ৰীনগৰ বিমানবন্দৰৰ সঞ্চালক জাভেদ অঞ্জুমে জনোৱা মতে নতুনকৈ হোৱা তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ বাবে বিমানসমূহ বাতিল কৰা হৈছে ।
ইফালে বিষয়াসকলে কোৱা মতে প্ৰচণ্ড তুষাৰপাতৰ বাবে দেওবাৰে পুৱাৰ পৰা ৭ খন ৰে'ল বাতিল কৰা হৈছে । জম্মু-শ্ৰীনগৰ ঘাইপথতো যান-বাহনৰ চলাচল ব্যাহত হৈছে ।
প্ৰশাসনে জনোৱা মতে জম্মু-শ্ৰীনগৰ পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্দেশনা দিয়া হৈছে । যাত্ৰীসকলক সতৰ্কতাৰে বাহনসমূহ চলাবলৈ পৰামৰ্শ দিয়া হৈছে । কিয়নো নাশ্ৰী আৰু নেভিইউজি টানেলৰ মাজৰ পথৰ অংশ হৈছে একক লেন, কেইবাটাও স্থানত বৰফৰ বাবে পথ বন্ধ হৈছে । ৰামচু আৰু বানিহালৰ মাজতো বৰফ পৰিছে ।