নতুন দিল্লী : উত্তৰ ভাৰতৰ বায়ু প্ৰদূষণক “ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা” হোৱা বুলি দৃঢ়তাৰে উল্লেখ কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ শুকুৰবাৰে তেওঁ সতীৰ্থ সাংসদসকলক আগন্তুক সংসদ অধিৱেশনত একত্ৰিত হৈ জাতিটোৱে কেনেকৈ এই সংকটক চিৰদিনৰ বাবে শেষ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায় ।
সংবাদ সংস্থা PTI ৰ বাতৰিত প্ৰকাশিত অনুসৰি, তেওঁ কয় যে বায়ু প্ৰদূষণৰ এই সংকটৰ সময়ত ৰাজনৈতিক কাকো দোষাৰোপ কৰাৰ খেল নহয় ৷ এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সামূহিক ৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰয়োজন বুলি তেওঁ কয় ।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েXত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁ ইয়াৰ ইণ্ডিয়া গেটত পৰিৱেশবিদ বিমলেন্দু ঝাৰ সৈতে বায়ু প্ৰদূষণৰ বিষয়টোৰ ওপৰত বিষদভাৱে আলোচনা কৰে ৷
Xত শ্বেয়াৰ কৰা ভিডিঅ’ পোষ্টটোত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে উত্তৰ ভাৰতত বায়ু প্ৰদূষণ এক ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা -- ই এক জনস্বাস্থ্য সংকত ৷ যিয়ে আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰিছে লগতে বৃদ্ধসকলৰ বাবে এক শ্বাসৰুদ্ধকৰ পৰিৱেশ কৰি তুলিছে ৷ এ পৰিৱেশ আৰু অৰ্থনৈতিক দুৰ্যোগ, যিয়ে অগণন জীৱন ধ্বংস কৰি আছে ।
"আমাৰ মাজৰ বিশেষকৈ আটাইতকৈ দৰিদ্ৰসকল ইয়াৰ ফলত বেছি ক্ষতিগ্ৰস্ত হয়, বিষাক্ত বতাহৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰে । পৰিয়ালবোৰে বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰি আছে, শিশুসকল অসুস্থ হৈ পৰিছে আৰুলাখ লাখ মানুহৰ জীৱন শেষ হ’বলৈ ধৰিছে । পৰ্যটনো হ্ৰাস পাইছে আৰু বিশ্বব্যাপী থকা আমাৰ সুনামো কমি আহিছে ।" লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েয়ে এইদৰে কয় ।