অসম

assam

ETV Bharat / bharat

অংগনৱাড়ীত নাম পঞ্জীয়ন কৰি ছানী লিয়নীয়ে লৈছে চৰকাৰী আঁচনিৰ সুবিধা ! - MAHTARI VANDANA YOJANA

চৰকাৰী আঁচনিৰ সুবিধা বাৰু প্ৰকৃততে কোন লাভ কৰে ? আপোনাৰ জ্ঞাতাৰ্থে জনাও যে, মাত্ৰ কেইটামান টকাৰ বাবে ছানী লিয়নীয়েও লয় চৰকাৰী আঁচনিৰ সুবিধা !

MAHTARI VANDANA YOJANA
মাত্ৰ ১হাজাৰ টকাৰ বাবে ছানী লিয়নীয়ে লৈছে চৰকাৰী আঁচনিৰ সুবিধা ! (@SunnyLeone)

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 11:34 AM IST

ৰায়পুৰ : ছানী লিয়নী, এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা মডেল ৷ আপুনিও বাৰু ছানী লিয়নীৰ অনুৰাগী নেকি ? এবাৰ সন্মুখৰ পৰা সাক্ষাৎ কৰিবলৈ নিশ্চয় আন দহজনৰ দৰে আপোনাৰো নিশ্চয় মন যায় ৷ যদিহে প্ৰিয় অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ মন গৈছে, তেন্তে এই প্ৰতিবেদন পঢ়ক ৷

আপোনাৰ প্ৰিয় এই অভিনেত্ৰীৰ ঘৰৰ স্থান সলনি হৈছে ! মায়ানগৰী মুম্বাইত নহয়, ছানী লিয়নীৰ ঘৰ ছত্তীশগড়ত ! অ’ ৰ’ৱ; এয়া আমাৰ তথ্য নহয় ৷ এয়া হৈছে এক চৰকাৰী তথ্য ৷ আনকি আপুনি এই কথা জানিও আচৰিত হ’ব যে জনপ্ৰিয় অভিনেত্ৰী ছানী লিয়নীয়েও লাভ কৰে চৰকাৰী আঁচনিৰ সুবিধা ৷ যাৰ বাবে তেওঁৰ বেংক একাউন্টত মাহে সোমাই এহাজাৰকৈ টকা ৷

আপুনি বাৰু এই প্ৰতিবেদনত কিবা খেলিমেলি পাইছে নেকি ? যদি পাইছে তেন্তে ৰ’ৱ, জানি লওক সমগ্ৰ ঘটনা, প্ৰকৃততে ক’ত, কি হৈছে...

চৰকাৰী আঁচনিত ছানী লিয়নীৰ নাম (ETV Bharat)

ছত্তীশগড়ৰ অভনপুৰ বিধানসভাৰ যুৱ কংগ্ৰেছৰ সভাপতি জয়ৰ্ধন বাঘেলে দেওবাৰে দিয়া এটা পোষ্ট ৷ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজৰ ফেচবুক একাউন্টত দিয়া এই পোষ্টটোৱে লগাইছে হুলস্থূল ৷ কিয়নো তেওঁ পোষ্টটোত লিখিছে,

"দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ মাজত সোমাই পৰিছে ছত্তীশগড়ৰ মাহতাৰী বন্দন যোজনা আঁচনিখন । কিয়নো এই আঁচনিৰ অধীনত ছত্তীশগড় চৰকাৰে প্ৰতিমাহে অভিনেত্ৰী ছানী লিয়নীক প্ৰদান কৰি আছে ১০০০ টকা । এই তথ্যই উদঙাইছে চৰকাৰী দুৰ্নীতিৰ কথা ।"

কংগ্ৰেছ নেতা জয়ৰ্ধন বাঘেল (ETV Bharat)

কেৱল এই লিখনিৰ পোষ্টটো শ্বেয়াৰ কৰাই নহয়, কংগ্ৰেছ নেতা জয়ৰ্ধন বাঘেলে লিখনিৰ লগতে শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো, য’ত তেওঁ অভিনেত্ৰী ছানী লিয়নীৰ নাম আৰু প্ৰতিমাহে তেওঁ লাভ কৰা ধনৰ কথা উল্লেখ কৰিছে ।

  • মাহতাৰী বন্দন যোজনাত ছানী লিয়নীৰ নাম :

এই পোষ্টত দিয়া হৈছে হিতাধিকাৰী সম্পৰ্কীয় তথ্য ৷ ইয়াত পঞ্জীয়নভুক্ত আবেদনকাৰীৰ নাম ছানী লিয়নী । পঞ্জীয়ন নম্বৰ হৈছে MVY006535575 । লগতে হিতাধিকাৰী স্বামীৰ নাম জনী ছিন্স । এই আবেদনত দিয়া তথ্য অনুসৰি, ছানী লিয়নীৰ ঠিকনা হৈছে বাষ্টাৰৰ তালুৰ অঞ্চল আৰু তেওঁৰ আবেদন অংগনৱাড়ীৰ জৰিয়তে দাখিল কৰা হৈছিল ।

মাত্ৰ ১হাজাৰ টকাৰ বাবে ছানী লিয়নীয়ে লৈছে চৰকাৰী আঁচনিৰ সুবিধা ! (ETV Bahrat)

বিগত মাৰ্চ মাহৰ পৰাই প্ৰতিমাহে এই একাউণ্টত ১০০০ টকাকৈ জমা হৈ আছে । একাউণ্টটো হৈছে SBI ৰ আৰু ইয়াৰ শেষৰ ৫টা নম্বৰ হৈছে ৭৬৫৩১ । এই মাহতো তেওঁৰ ধনৰাশি স্থানান্তৰ কৰা হৈছে ।

  • কংগ্ৰেছৰ আক্ৰমণ বিজেপিক :

দেওবাৰে সংবাদ মাধ্যমত এই খবৰে সংবাদ শিৰোনাম দখল কৰা দেখা যায় ৷ লগতে কংগ্ৰেছেও এই বিষয়টো ৰাজনীতিকৰণ কৰা দেখা যায় । মাহতাৰী বন্দন আঁচনিত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি বিষ্ণুদেৱ সাই চৰকাৰক তীব্ৰ আক্রমণ কৰে PCC ৰ মুৰব্বী দীপক বাইজে ।

তেওঁ কয় যে মহতাৰী বন্দন যোজনাৰ ৭০ লাখৰ ভিতৰত ৫০ লাখতকৈ অধিকত অনিয়ম সংঘটিত হৈছে । মৃত লোককো এই আঁচনিৰ অধীনত টকা দিয়া হৈছে । চৰকাৰে এই বিষয়টো সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি তদন্ত কৰিব লাগে ।

আনহাতে, বিজেপিয়ে কংগ্ৰেছৰ এই অভিযোগ নাকচ কৰি নিজৰ কাম-কাজ ভালদৰে কৰিবলৈ পৰামৰ্শ দিয়ে ।

  • বীৰেন্দ্ৰ যোশীয়ে ছানী লিয়নীৰ নামত মাহতাৰী বন্দন যোজনাৰ সুবিধা লৈছে :

মাহতাৰী বন্দন যোজনাত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে প্ৰশাসনৰ । বাষ্টাৰৰ কালেক্টৰ হৰিছ এছে মাহতাৰী বন্দন যোজনাৰ গাঁও তালুৰৰ সৈতে জড়িত অনিয়মৰ তদন্ত কৰিবলৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়াসকলৰ হাতত দায়িত্ব অৰ্পণ কৰে ।

লগতে সংশ্লিষ্ট আঁচনিৰ গৰাকীৰ বেংক একাউণ্টটো জব্দ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও এই গোচৰটোৰ সৈতে জড়িত গৰাকীৰ বিৰুদ্ধে FIR ৰুজু কৰাৰো নিৰ্দেশনা দিয়ে ৷

বাষ্টাৰ জিলাৰ এগৰাকী বিষয়াই জনোৱা মতে, সংবাদ মাধ্যমৰ জৰিয়তে ছানী লিয়নীয়ে প্ৰতিমাহে মাহতাৰী বন্দন যোজনাৰ অধীনত ১০০০ টকাকৈ পোৱাৰ অভিযোগ লাভ কৰিছিল । যাৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে আবেদনখন গাঁও তালুৰৰ অংগনৱাড়ী কৰ্মী বেদমতী যোশীৰ ID ত পঞ্জীয়ন কৰা হৈছে । গোচৰটোৰ তদন্তত বীৰেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে প্ৰৱঞ্চনাৰে ধনখিনি নিজৰ একাউণ্টত লৈ আছে বুলি জানিব পৰা গৈছে ।

  • বীৰেন্দ্ৰ যোশীৰ বিৰুদ্ধে তদন্ত ঘোষণা :

চৰকাৰক প্ৰতাৰণা কৰাৰ অপৰাধত অভিযুক্ত বীৰেন্দ্ৰ যোশীৰ বিৰুদ্ধে FIR ৰ দাখিল কৰা হৈছে । লগতে বেংক একাউণ্টটো হ’ল্ড (Hold) কৰি দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সংশ্লিষ্ট কাৰ্যকৰ্তা আৰু তৎকালীন বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছে ।

  • মাহতাৰী বন্দন যোজনা কি ?:

ছত্তীশগড়ৰ বিষ্ণুদেৱ সাই চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ বাবে মাহতাৰী বন্দন যোজনা চলাই আছে । এই আঁচনিৰ অধীনত বিবাহিত মহিলাসকলক প্ৰতিমাহে ১০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

লগতে পঢ়ক :উভতি চাওঁ: চুবুৰীয়াৰ সৈতে কেনে সম্পৰ্ক আছিল ভাৰতৰ ?

ABOUT THE AUTHOR

...view details