নেশ্যনেল ডেস্ক, 12 জুলাই :ভয়াৱহ ! আপুনি বা মই কল্পনা কৰিব নোৱাৰা এটা ঘটনা ৷ বিভিন্ন বস্তা, মোনা আনকি স্কুলৰ বেগৰ ভিতৰত উদ্ধাৰ হৈছে নৰ মাংসৰ টুকুৰা ৷ আপুনি জানি আচৰিত হ’ব প্ৰকৃততে সেই মাংসৰ টুকুৰাবোৰ হৈছে একেজন মানুহৰ ৷
কোনোবাটো বেগৰ ভিতৰত যদি ওলাইছে মানুহৰ হাত, আন কোনোবাটোত আকৌ ওলাইছে ভৰি ৷ আনকি স্কুলৰ বেগৰ ভিতৰত ওলাইছে ছিন্ন মুণ্ড ৷ এই ঘটনাই তোলপাৰ লগাইছে এতিয়া ৰাজ্য ৷ ভয়ত বিতত হৈ থকা ৰাজ্যবাসীক শান্ত কৰি আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছে সেই মাংস তথা দেহৰ টুকুৰাবোৰ ৷
অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে মুঠ 17 টা মাংসৰ টুকুৰা ৷ সেই দেহৰ টুকুৰবাৰোৰ একলগ কৰাৰ পাচত এটা পূৰ্ণাংগ শৰীৰলৈ ৰূপান্তৰিত হৈছে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ক্ষত-বিক্ষত শৰীৰটো এজন যুৱকৰ ৷ যুৱকজনৰ নাম মহম্মদ ৱাছিম আনছাৰী (28) ৷
লগতে পঢ়ক :স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা পত্নীৰ - Wife tries to kill husband
আমি উল্লেখ কৰা এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ত ৷ তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় 9:30 বজাত ছত্তীশগড়ৰ কোৰ্বাৰ পালি আৰক্ষী থানাৰ অন্তৰ্গত চৈতমাৰ গাঁৱৰ বন্ধাপাৰাৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহ স্বাভাৱিক অৱস্থাত নাছিল ৷ মৃতদেহটোক 17 টুকুৰাকৈ কাটি পেলোৱা হৈছিল । যি দৃশ্য দেখিলেই কঁপি উঠিব আপোনাৰো বুকু ।
মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে আৰক্ষীয়ে উক্ত স্থানত চলায় অভিযান ৷ লগতে ক্ষত-বিক্ষত মৃতদেহটোৰ বাকী অংশখিনি বিচাৰি ডুবাৰুৱে এটা পুখুৰীটোত চলায় অভিযান ৷ তদন্তৰ সময়ত আৰক্ষীয়ে এখন পাছপ’ৰ্ট উদ্ধাৰ কৰে ৷ এই পাছপ’ৰ্টৰ ভিত্তিতে মৃতদেহটোৰ পৰিচয় সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে ।
পাছপ’ৰ্টত লিখা নাম আৰু ঠিকনাৰ ভিত্তিত মৃত লোকজন ৰাঁচীৰ বাসিন্দা মহম্মদ ৱাছিম আনছাৰী (28) বুলি অনুমান কৰে আৰক্ষীয়ে । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ বৃহস্পতিবাৰে ৰাঁচীৰ কটৌলীৰ লুৱাৰ বজাৰৰ পৰা 4 জন লোকে আৰক্ষী চকীত উপস্থিত হৈ মৃতদেহটো মহম্মদ ৱাছিম আনছাৰীৰ বুলি চিনাক্ত কৰে ।