অসম

assam

ETV Bharat / bharat

দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ডত ১১ জনৰ মৃত্যু; আহত ৪ জন আহত - fire broke out in market

Delhi Fire: দিল্লীৰ আলিপুৰ বজাৰত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হয় । ৰাসায়নিক কাৰখানা এটাত সূত্ৰপাত হয় জুইৰ ৷ পাচত সমগ্ৰ অঞ্প্ৰচলটো ছানি ধৰে জুইৰ লেলিহান শিখাই ।

fire broke out in market
দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ডত ১১ জনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 9:51 AM IST

নিউজ ডেস্ক, ১৬ ফেব্ৰুৱাৰী: দিল্লীৰ আলিপুৰত দয়াল মাৰ্কেটত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা শুকুৰবাৰে পুৱা ১১ জনলৈ বৃদ্ধি পায় । আনহাতে এই অগ্নিকাণ্ডত আন চাৰিজন লোকো আহত হয় ৷ দুৰ্ঘটনাটোত আৰু কিছু লোকৰ হতাহতি হোৱাৰ সম্ভাৱনা আছে ৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জুইৰ লেলিহান শিখাই অলপ সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটো ছানি ধৰে ৷

এই অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পাচতেই প্ৰায় ২২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে তিনিজনক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় । কিন্তু চিকিৎসকে তিনিওজনকে মৃত ঘোষণা কৰে । জানিব পৰা মতে, অঞ্চলটোত এটা ৰাসায়নিক কাৰখানাত প্ৰথমে জুই লাগে আৰু তাৰ পিচত ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পি পৰে । ৰাসায়নিক দ্ৰব্যৰ বাবে জুই অত্যন্ত বেগেৰে বিয়পি পৰে আৰু সমগ্ৰ অঞ্চলটোত বিশৃংখলতা পৰিস্থিতিৰ সৃষ্টি হয় ।

স্থানীয় লোকে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰে । প্ৰথম অৱস্থাত তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উক্ত স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় । কিন্তু জুই দ্ৰুতগতিত বৃদ্ধি পোৱা দেখি ২২ টা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয় আৰু বহু প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে । একে সময়তে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ওচৰৰে এটা কাৰখানা খালী কৰে ৷ বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:Massive Fire at New Delhi : দিল্লীৰ অগ্নিকাণ্ডত ৭ গৰাকী লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details