অসম

assam

ETV Bharat / bharat

মৃত গৰাকীৰ বাবে হাস্পতালৰ সমুখত চাৰিমাহে অপেক্ষাৰত এটা কুকুৰ - A dog is waiting for its owner - A DOG IS WAITING FOR ITS OWNER

A dog is waiting for its deceased owner: কুকুৰ হৈছে আনুগত্যৰ আন এটা নাম । আন সকলো প্ৰাণীৰ তুলনাত, ই অতি নিৰ্ভৰযোগ্য । ই সদায় ইয়াৰ মালিকক বিপদৰ পৰা সুৰক্ষিত কৰিবলৈ সাজু । সেয়ে হয়তো মালিকৰ মৃত্যুৰ চাৰিমাহৰ পিছতো চিকিৎসালয়ৰ সন্মুখত অপেক্ষাৰত হৈ থাকিল এটা পোহনীয়া কুকুৰ ।

A dog is waiting for its deceased owner in front of hospital in Shivamogga
গৰাকীৰ অপেক্ষাত অপেক্ষাৰত এটা কুকুৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 7:56 PM IST

Updated : Aug 20, 2024, 8:08 PM IST

নেশ্যনেল ডেস্ক,২০ আগষ্ট:সময়ত মানুহেও লগ এৰে । কিন্তু শেষলৈকে ৰৈ থাকে আপোন জীৱ-জন্তু । গৰাকীৰ প্ৰতি কুকুৰৰ আনুগত্যৰ কথা সকলোৱে জানে । যিকোনো পৰিস্থিতিতে লগ নেৰে কুকুৰে । তাকেই যেন পুনৰ প্ৰমাণ কৰিলে এটা কুকুৰে । গৰাকীৰ মৃত্যু হোৱাৰ পিছতো চাৰি মাহে চিকিৎসালয়ৰ সন্মুখত অপেক্ষাৰত হৈ থাকিল এটা পোহনীয়া কুকুৰ । কেৰেলাৰ কন্নুৰৰ শিৱমোগাত দেখা গ'ল এই দৃশ্য ।

চিকিৎসালয়ৰ সন্মুখত কুকুৰটো (ETV Bharat)

কুকুৰটোৰ গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছিল কেৰালাৰ কান্নুৰৰ চিকিৎসালয়ত । কিন্তু দুৰ্ভাগ্যবশত চিকিৎসালয়তে প্ৰাণ হেৰুৱাই লোকজনে । তেওঁৰ মৃত্যুৰ চাৰিমাহ পাৰ হৈ গ'ল । কিন্তু মালিকক লগ পোৱাৰ অপেক্ষাত কুকুৰটোৱে প্ৰতিদিনেই আহি অপেক্ষাৰত হৈ ৰ'ল চিকিৎসালয়ৰ সন্মুখত । শিৱমোগা জিলাৰ হোলেহোন্নুৰ চহৰত এই দৃশ্য দেখি চকু সেমেকিছে সকলোৰে ।

চিকিৎসালয়ৰ ভিতৰত কুকুৰটো (ETV Bharat)

চিকিৎসালয়ৰ কৰ্মচাৰীসকলে জনোৱা অনুসৰি মৃত লোকজনে প্ৰতিদিনে চিকিৎসালয়লৈ আহোতে লগত লৈ আহিছিল কুকুৰটোক । সেয়ে মালিকক বিচাৰি কুকুৰটো এতিয়াও ৰৈ থাকে চিকিৎসালয়খনৰ সন্মুখত । প্ৰথমে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে কুকুৰটোক পথৰ কাষৰ কুকুৰ বুলি চিকিৎসালয়খনৰ পৰা খেদি পঠিয়াইছিল । তথাপিও, কুকুৰটোৱে চিকিৎসালয়ৰ সন্মুখত থিয় হৈ চিকিৎসালয়লৈ অহা ৰোগীসকলৰ ওচৰত ঘূৰি ফুৰিছিল । ইয়াকে লৈ আন আন ৰোগীসকলে অসন্তুষ্টিও প্ৰকাশ কৰিছিল । সেয়েহে, কুকুৰটো প্ৰতিদিনে চিকিৎসালয়ৰ ভিতৰলৈ আহিছিল আৰু ভুকিছিল । পিছত স্থানীয় লোকসকলৰ সৈতে সোধা-পোছা কৰাত গোটেই ঘটনাটো পোহৰলৈ আহিছিল ।

আৱৰ্জনা নিষ্কাশন গেটৰ ওচৰত বান্ধি থোৱা হয় কুকুৰটোক (ETV Bharat)

কুকুৰটোৱে কাৰোবাক কামুৰিব পাৰে বুলি চিন্তা কৰি চিকিৎসালয়ৰ কৰ্মচাৰীসকলে পৌৰসভাৰ কৰ্মচাৰীসকলক অৱগত কৰে । পৌৰসভাৰ কৰ্মচাৰীসকলে এই কুকুৰটো ধৰি আৱৰ্জনা নিষ্কাশন গেটৰ ওচৰত বান্ধি থয় । পৰৱৰ্তী সময়ত পৌৰকৰ্মীসকলে কুকুৰটোক অন্যস্থানত এৰি দিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ডাক বিভাগে ঘূৰাই পঠালে ভাতৃলৈ প্ৰেৰণ কৰা ৰাখী: 17 বছৰ ধৰি ন্যায়ৰ যুঁজ চলাই আছে এগৰাকী ভগ্নীয়ে - Rakhi Festival

বিশ্ব ফটোগ্ৰাফী দিৱস: ইয়াৰ ইতিহাস আৰু গুৰুত্ব - World Photography Day

Last Updated : Aug 20, 2024, 8:08 PM IST

ABOUT THE AUTHOR

...view details