নেশ্যনেল ডেস্ক,১৬ ফেব্ৰুৱাৰী :বিমানবন্দৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এজন বৃদ্ধৰ মৃত্যুৰ অভিযোগ উঠিছে । নিউয়ৰ্কৰ পৰা মুম্বাইলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বৃদ্ধ যাত্ৰীজনে হুইলচেয়াৰৰ বাবে অনুৰোধ কৰিছিল । কিন্তু হুইলচেয়াৰ উপলব্ধ নোহোৱাৰ বাবে তেওঁ খোজ কাঢ়ি থাকোতে বিমানবন্দৰত বাগৰি পৰে । এই ঘটনাৰ ৪ দিনৰ অন্তত বৃদ্ধজনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এয়াৰলাইন কোম্পানীটোৱে কোৱা মতে হুইলচেয়াৰৰ যথেষ্ট চাহিদাৰ বাবে যাত্ৰীগৰাকীক অপেক্ষা কৰিবলৈ কোৱা হৈছিল । কিন্তু তেওঁ পত্নীৰ সৈতে খোজ কাঢ়িবলৈ সিদ্ধান্ত লৈছিল ।
জানিব পৰা মতে ঘটনাটো ১২ ফেব্ৰুৱাৰীত বিমানবন্দৰত সংঘটিত হৈছিল । সূত্ৰৰ মতে ৮০ বছৰীয়া বৃদ্ধজনে তেওঁৰ পত্নীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ এখন বিমান এআই ১১৬ ত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল । বিমানখনত অসুস্থ হোৱাৰ পিচত যাত্ৰীজনে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত হুইলচেয়াৰৰ বাবে অনুৰোধ কৰিছিল । অৱশ্যে, বিমানবন্দৰত হুইলচেয়াৰ উপলব্ধ নোহোৱাৰ ফলত যাত্ৰীজনে ডেৰ কিলোমিটাৰ খোজকাঢ়ি ইমিগ্ৰেচন কাৰ্যালয়লৈ খোজকাঢ়ি যাব লগা হৈছিল ।