নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী :অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৰাম লালালৈ বহু উপহাৰৰ টোপোলা অহা দেখা গৈছে । শেহতীয়া মহাৰাষ্ট্ৰৰ ভক্তৰ পৰা ৰাম লালালৈ আহিল এক বিশেষ উপহাৰ । মহাৰাষ্ট্ৰৰ এগৰাকী ভক্তই ৰাম লালাক ৮০ কিলোগ্ৰাম ওজনৰ এখন বিশাল তৰোৱাল উপহাৰ দিছে । তৰোৱালখন ৭ ফুট ৩ ইঞ্চি দীঘল বুলি জানিব পৰা গৈছে ।
অযোধ্যালৈ তৰোৱালখন লৈ অহা এগৰাকী ভক্তই সংবাদ মাধ্যমক কয় যে তেওঁ মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ পৰা আহিছে আৰু তেওঁ ঐতিহাসিক অস্ত্ৰ-শস্ত্ৰৰ সংগ্ৰাহক । তেওঁ বহু স্থানত তেওঁৰ অস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে । আজি তেওঁ ভগৱান বিষ্ণুৰ তৰোৱালৰ (খড়ক) দৰে এখন তৰোৱাল ভগৱান ৰামক উপহাৰ দিছে ।
তেওঁ লগতে কয় যে এই খড়ক তৰোৱাল ভগৱান বিষ্ণু নাৰায়ণৰ প্ৰতি সমৰ্পণেৰে নিৰ্মাণ কৰা হৈছে আৰু তেওঁৰ সকলো 'দশাৱতাৰ' ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । তৰোৱালৰ ফলকটো তীখাৰে তৈয়াৰ কৰা হৈছে আৰু হেণ্ডেলটো পিতলেৰে নিৰ্মাণ কৰা হৈছে । তেওঁ জনোৱা মতে তাৰ ওপৰত সোণৰ প্ৰলেপ আছে ।