নিউজ ডেস্ক, ১৫ জুন: ৰামোজী গ্ৰুপৰ প্ৰয়াত অধ্যক্ষ ৰামোজী ৰাওৰ এটা বিশালকায় প্ৰতিমূৰ্তি অন্ধ্ৰ প্ৰদেশৰ ক’নাছিমা জিলাৰ কোথাপেটত নিৰ্মাণ কৰি থকা হৈছে ৷ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাজকুমাৰ উদায়াৰে নিৰ্মাণ কৰি আছে ৰামোজী ৰাওৰ চাৰে সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো ।
ঈনাডুৰ জন্মস্থান বুলি গণ্য কৰা বিশাখাপট্টনমত স্থাপন কৰা হ’ব এই প্ৰতিমূৰ্তি । বৰ্তমান প্ৰতিমূৰ্তিটোৰ চূড়ান্ত ৰূপ দিয়াত ব্যস্ত ৰাজকুমাৰ ৷ বিজয়নগৰমৰ সাংসদ কালিশেট্টি আপ্লানাইডুৱে মিডিয়া বেৰনগৰাকীৰ মূৰ্তিটো সাজি উলিয়াবলৈ তেওঁৰ কাষ চাপিছিল বুলি ৰাজকুমাৰে জানিবলৈ দিয়ে ।
ৰাজকুমাৰে কয়, "ৰামোজী ৰাওৰ কেইবাখনো ফটো চোৱাৰ পাচত মই এখন বাছি লৈছিলো ৷ এই ফটোখন তেওঁ ৬০ বছৰ বয়সত তুলিছিল ৷ মই এই ফটোখনৰ সহায়ত ৰাওৰ প্ৰতিমূৰ্তিটো প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিলো । চাৰিদিনতে মূৰ্তিটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল ।"
শুকুৰবাৰে সাংসদ আপ্লানাইডুৱে মূৰ্তিটো পৰিদৰ্শন কৰি কেইটামান পৰিৱৰ্তন আৰু অন্তৰ্ভুক্তিৰ পৰামৰ্শ আগবঢ়ায় । সাংসদ আপ্লানাইডুৱে কয়, "আমি এই প্ৰতিমূৰ্তিটো ঈনাডুৰ জন্মস্থান বিশাখাপট্টনমত স্থাপন কৰাৰ সিদ্ধান্ত লৈছো । দ্বিতীয়টো প্ৰতিমূৰ্তি শ্ৰীকাকুলাম জিলাৰ ৰাণাস্থলমৰ সাই ডিগ্ৰী কলেজৰ চৌহদত স্থাপন কৰা হ'ব ।"