তেজপুৰ : অৰুণাচল প্ৰদেশৰ চেপাৰ লোমহৰ্ষক হত্যাকাণ্ডত মুঠ ৪ জন লোকৰ মৃত্যুৰ তথ্য সদৰী কৰিছে আৰক্ষীয়ে । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাত বৃহস্পতিবাৰে এজন ৪০ বছৰীয়া ব্যক্তিয়ে জধেমধে ৯ জন লোকক চোকা দাৰে আক্ৰমণ কৰে ।
ঘটনা সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী বিয়োৰাম ৱাগে সংবাদ মাধ্যমক কয়, ‘‘এই ঘটনাটো অতি নিন্দনীয় । এখন চৰকাৰী চিকিৎসালয়ত এজন লোকে এনেধৰণৰ জঘন্যকাণ্ড সংঘটিত কৰা বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।’’ তেওঁ কয়, "অৰুণাচল প্ৰদেশৰ চৰকাৰী চিকিৎসালয়সমূহত সুৰক্ষা ব্যৱস্থা উন্নত কৰিবলৈ অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
ইটিভি ভাৰতৰ তৰফৰ পৰা মন্ত্ৰী ৱাগেক যোগাযোগ কৰাত তেওঁ কয় যে তেওঁ ইতিমধ্যে ঘোষণা কৰা তথ্য নিশ্চিত । আনহাতে, চেপাৰ আৰক্ষী অধীক্ষকে শুকুৰবাৰে জনায় যে এই ঘটনাত মুঠ ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হয় আৰু ৫ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে ।