নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ :গুজৰাট উপকূলৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা । সোমবাৰে নিশা গুজৰাট উপকূলৰ সমীপৰ আৰৱ সাগৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এডভান্স লাইট হেলিকপ্টাৰ (এএলএইছ) দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৩ গৰাকী ক্ৰু সদস্য সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।
জানিব পৰা মতে, গুজৰাটৰ মটৰ টেংকাৰ হৰি লীলা অফ পোৰবন্দৰৰ পৰা এজন আহত ক্ৰু সদস্যক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । হেলিকপ্টাৰখনে জৰুৰীকালীনভাৱে হাৰ্ড লেণ্ডিং কৰিব লগা হৈছিল আৰু তেনে সময়তে সাগৰত পৰি যায় ।
- ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনা
ইতিমধ্যে ৪ গৰাকী ক্ৰু সদস্যৰ ভিতৰত এজনক উদ্ধাৰ কৰা হৈছে ৷ আনহাতে বাকী ৩ গৰাকীৰ বাবে অনুসন্ধান অভিযান চলি আছে । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এই উদ্ধাৰ অভিযানত ৪ খন জাহাজ আৰু দুখন বিমান জড়িত হৈ আছে ।
- উদ্ধাৰ অভিযান অব্যাহত