কৰিমগঞ্জ, ২০ মে':অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ত্ৰিপুৰাত গ্ৰেপ্তাৰ তিনিগৰাকী বাংলাদেশী যুৱতী । এই তিনিগৰাকী বাংলাদেশী যুৱতীয়ে কৌশলেৰে আগৰতলাৰ পৰা ৰে'লযোগে আহমেদাবাদলৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তেই আৰক্ষীৰ জালত পৰে । সোমবাৰে জি আৰ পি থানাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাপস দাসে এই বিষয়ে সদৰী কৰিছে । কিছুদিন পূৰ্বে ভাৰতত প্ৰৱেশ কৰি এই তিনিগৰাকী বাংলাদেশী যুৱতীয়ে ৰে'লযোগে আহমেদাবাদলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া বুলি কয় আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তাপস দাসে ।
আগৰতলা ৰে’লৱে ষ্টেচনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এই ধৃত তিনিগৰাকী বাংলাদেশী যুৱতীৰ নাম ৰ’জিনা আখতাৰ, পাৰুল বেগম আৰু চুলতনা বেগম বুলি উল্লেখ কৰে । সোমবাৰে জি আৰ পি থানাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে দেওবাৰে বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰে যে আগৰতলা ৰে’ল ষ্টেচনৰ পৰা একাংশ বাংলাদেশী নাগৰিকে অবৈধভাৱে দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰা কৰিব । এই খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ষ্টেচনৰ প্ৰতিটো প্ৰৱেশদ্বাৰত সাধাৰণ পোচাকত খাপপিটি থাকে ।