নিউজ ডেস্ক, ১৯ আগষ্ট :অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লী জিলাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ এখন অনাথ আশ্ৰমত চিঙৰা খাই মুঠ ২৭ গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰে ৷ অসুস্থ শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত চাৰিগৰাকীৰ মৃত্যু হয় ৷
অন্ধ্ৰপ্ৰদেশৰ আনাকাপল্লী জিলাৰ কোটাভুৰাটলা মণ্ডলৰ কৈলাচাপট্টনমৰ এখন অনাথ আশ্ৰমৰ খাদ্যত এই বিষক্ৰিয়া ঘটে ৷ চিঙৰা খাই ২৭গৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰে ৷ এই ঘটনাত তিনিটা শিশুৰ মৃত্যু হয় ৷ কোটাভুৰাটলা মণ্ডলৰ কৈলাসপট্টনমৰ এটা খ্ৰীষ্টান সংগঠনে চিন্তাপল্লী, কয়ৰু, গুদেম কোঠা বীধি, পাদেৰু, আৰাকু, আল্লুৰি সীতাৰামা ৰাজু জিলাৰ জনজাতীয় শিক্ষাৰ্থীসকলক বাসস্থান আৰু শিক্ষা প্ৰদান কৰি আহিছে ৷
উক্ত আশ্ৰমখনত ৮০ জনৰো অধিক শিক্ষাৰ্থী আছে ৷ তেওঁলোকক শনিবাৰে সন্ধিয়াৰ আহাৰত চিঙৰা দিয়া হৈছিল ৷ চিঙৰাবোৰ খোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ বমি হ’বলৈ আৰম্ভ কৰে৷ এই কথা আশ্ৰমখনৰ কৰ্তৃপক্ষই জানিব পৰাৰ পিছতে গুৰুতৰভাৱে অসুস্থ তিনিগৰাকী শিক্ষাৰ্থীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷
কিন্তু চিকিৎসাধীন অৱস্থাত থকা চিন্তাপল্লী মণ্ডলৰ নিম্মালাপালেমৰ যিহোচুৱা, কয়ুৰ মণ্ডলৰ ভৱানী আৰু চিন্তাপল্লীৰ শ্ৰদ্ধাৰ আজি মৃত্যু হয় ৷ আনহাতে আন ২৩ গৰাকী অসুস্থ শিক্ষাৰ্থী নৰচিপট্টনম, অনকপল্লী আৰু বিশাখাপট্টনমৰ কে জি এইচ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ নৰচিপট্টনম আঞ্চলিক চিকিৎসালয়ত সাতটি শিশুৰ চিকিৎসা চলি আছে ৷ চাৰিটা শিশুক কে জি এইচলৈ স্থানান্তৰ কৰা হৈছিল ৷