ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্ভাব্য প্ৰভাৱৰ কথা বিবেচনা কৰি প্ৰশাসনে স্থানান্তৰ কৰা ১৬০০ গৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে । ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই কথা প্ৰকাশ কৰিছে ।
স্থানান্তৰিত গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্ভাব্য প্ৰভাৱৰ কথা বিবেচনা কৰি সুৰক্ষিত আশ্ৰয় শিবিৰ আৰু চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল ৪,৪৩১ গৰাকী গৰ্ভৱতী মহিলাক । তাৰ ভিতৰত ১,৬০০ গৰাকীয়ে গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰিছে ।
তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্য চৰকাৰে প্ৰথমতে ১০ লাখ লোকক স্থানান্তৰ কৰাৰ লক্ষ্য আগত ৰাখিছিল । কিন্তু ঘূৰ্ণীবতাহ 'ডানা'ৰ পৰিৱৰ্তনশীল গতিপথৰ ওপৰত ভিত্তি কৰি এই লক্ষ্য সলনি কৰা হয় । মুখ্যমন্ত্ৰীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ আছে ।