হাতীৰ আক্ৰমণৰ পৰা পিতৃয়ে সন্তানক ৰক্ষা কৰাৰ শিহৰণকাৰী দৃশ্য... - পিতৃয়ে সন্তানক ৰক্ষা কৰাৰ শিহৰণকাৰী দৃশ্য
🎬 Watch Now: Feature Video

এজন পিতৃয়ে তেওঁৰ ৪ বছৰীয়া পুত্ৰক হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ এক বিস্ময়কৰ দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Viral video of elephant attack) । এই ঘটনাটো কিছুদিনৰ আগতে কোজিকোড-মালাপ্পুৰম সীমান্তৰ পাজাম্পাৰামবুত সংঘটিত হৈছিল । অৱশ্যে, শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নোহোৱালৈকে এই ভিডিঅ'টো পোহৰলৈ অহা নাছিল । ঘটনা অনুসৰি, কোলাক্কাদান মিনি নামৰ এজনী মাইকী হাতীক ত্ৰিক্কালিয়ৰ মন্দিৰৰ ওচৰত বান্ধি থোৱা হৈছিল য’ত শিশুটিৰ দেউতাকে হাতীজনীক কিছু খাদ্য যোগান ধৰাৰ বাবে আগবাঢ়ে ৷ এই সময়চোৱাত তেওঁৰ পুত্ৰও তেওঁৰ সৈতে আছিল । তেওঁলোকে হাতীজনীক খাদ্য দি থকাৰ সময়তে তাই হঠাতে শুঁড়েৰে আক্ৰমণ কৰাৰ চেষ্টা চলায় ৷ কিন্তু, এই সময়চোৱাত শিশুটিৰ দেউতাকে সাহসিকতাৰে নিজ সন্তানক ৰক্ষা কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে (father saving son from trunk of elephant) ৷
Last Updated : Feb 3, 2023, 8:22 PM IST