thumbnail

By

Published : Feb 15, 2022, 10:15 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

ETV Bharat / Videos

দিন-দুপৰতে চিলনী চোৰে থপিয়ালে মহিলাৰ বেগ

ৰঙিয়াৰ মাজমজিয়াত চিলনী চোৰে থপিয়াই নিলে মহিলাৰ বেগ (Thief snatching a bag from a woman in Rangia)। তীব্ৰ বেগেৰে বাইকত অহা দুজন দুৰ্বৃত্তৰ এজনে পথচাৰী মহিলাৰ পৰা কাঢ়ি নিলে বেগ । সমগ্ৰ দৃশ্য বন্দী হ’ল চিচিটিভি কেমেৰাত । ৰঙিয়াৰ ২ নং গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী চিত্ৰলেখা চৌধুৰীৰ পৰা থপিয়াই নিয়ে বেগটো । পালচাৰ বাইকত অহা দুৰ্বৃত্ত দুজনে ৰঙিয়া বেচৰকাৰী বাছ আস্থানত সংঘটিত কৰে এই ঘটনা । শিক্ষয়ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰঙিয়া আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰিছে । শিক্ষয়ত্ৰীগৰাকীৰ বেগত কিছু নগদ ধনৰ লগতে মোবাইল আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল ।
Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.